ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আইচিচি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলখনত ভাৰতীয় বলাৰৰ শক্তিশালী প্ৰদৰ্শনৰ বাবে নিউজিলেণ্ডে ৫০ অভাৰত মাত্ৰ ২৫১ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
কিৱি বাহিনীয়ে ভাৰতৰ সন্মুখত ২৫২ ৰানৰ লক্ষ্য বান্ধি দিছে। ডেৰিল মিচেলে নিউজিলেণ্ডৰ হৈ ১০১ টা বলত ৬৩ ৰাণ সংগ্ৰহ কৰে। আনহাতে মাইকেল ব্ৰেছৱেলে ৪০ টা বলত ৫৩ ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল।
উইল ইয়ং আৰু ৰাচিন ৰবীন্দ্ৰৰ যুটিটোৱে নিউজিলেণ্ডক আক্ৰমণাত্মক আৰম্ভণি দিছিল, কিন্তু দুয়ো আউট হোৱাৰ লগে লগে নিউজিলেণ্ডৰ দলটো চাপৰ সন্মুখীন হৈছিল।
ফাইনেল খেলখনত বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে ভাৰতৰ হৈ দুটাকৈ উইকেট দখল কৰিছিল।