বৰ্তমান সময়ত যিকোনো দেশৰ শক্তিৰ বিচাৰ হয় দেশখনৰ সৈন্যবাহিনীৰ দ্বাৰা । আধুনিক আৰু শক্তিশালী সামৰিক শক্তিয়ে যিকোনো দেশৰ নিৰাপত্তা আৰু পৃথিৱীত ইয়াৰ স্থান নিৰ্ধাৰণ কৰে । কিন্তু আপুনি জানেনে যে আজিও কিছুমান দেশ আছে যিবোৰৰ নিজা সেনাবাহিনী নাই । এই দেশসমূহে কোনো জৰুৰীকালীন বা যুদ্ধ পৰিস্থিতিত নিজকে সুৰক্ষিত কৰিব নোৱাৰে আৰু আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় । গতিকে এনে কিছুমান দেশৰ বিষয়ে জানক ।
কোষ্টা ৰিকা (Costa Rica)-
১৯৪৯ চনত কোষ্টা ৰিকাই নিজৰ সেনাবাহিনী সম্পূৰ্ণৰূপে বিলুপ্ত কৰে । ১৯৪৮ চনত গৃহযুদ্ধৰ পিছত দেশখনে সামৰিক বাহিনী বিলুপ্ত কৰাৰ সিদ্ধান্ত লয় । বৰ্তমান দেশখনৰ নিৰাপত্তাৰ দায়িত্ব আৰক্ষী বাহিনীৰ ওপৰত নিহিত হৈ আছে, যিয়ে আভ্যন্তৰীণ বিষয় চম্ভালাৰ উপৰিও বাহ্যিক নিৰাপত্তাৰ যত্নও লয় ।
পানামা (Panama)-
১৯৯০ চনৰ পৰা পানামাত কোনো সেনাবাহিনী নাই । কিন্তু ইয়াৰ নিৰাপত্তাৰ বাবে এই দেশখনে ‘পানামা পাব্লিক ফৰ্চ’ নামেৰে এটা নিৰাপত্তা সংস্থা গঠন কৰিছে, যিয়ে আভ্যন্তৰীণ কাম-কাজ চম্ভালে আৰু সীমান্ত ৰক্ষা কৰে । কিন্তু যদি কেতিয়াবা ডাঙৰ বিপদৰ সৃষ্টি হয়, তেন্তে বাহ্যিক সহায় বিচাৰিব লাগিব দেশখনে ।
মৰিচাছ (Mauritius)-
বিখ্যাত দ্বীপ দেশ মৰিচাছতো কোনো স্থায়ী সেনাবাহিনী নাই । ইয়াত প্ৰায় ১০ হাজাৰ আৰক্ষীৰ নিৰাপত্তা বাহিনীয়ে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু আইন-শৃংখলা বজাই ৰখাৰ কাম কৰে ।
ভেটিকান চিটি (Vatican City)-
ভেটিকান চিটি বিশ্বৰ আটাইতকৈ সৰু দেশ, ইয়াৰ জনসংখ্যা মাত্ৰ প্ৰায় ৪৮০ জন । ইয়াৰ উপৰিও ই কেথলিক গীৰ্জাৰ মুখ্য কাৰ্যালয় । এই দেশখনত কোনো স্থায়ী সেনাবাহিনী নাই যদিও ইয়াৰ নিৰাপত্তাৰ দায়িত্ব ‘জেণ্ডাৰমেৰী’ নামৰ আৰক্ষী বাহিনী আৰু ‘ছুইছ গাৰ্ড’ৰ, যিয়ে পোপ আৰু তেওঁৰ বাসস্থানক ৰক্ষা কৰে ।
চামোয়া (Samoa)-
চামোয়া প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা দেশখনত কোনো সেনাবাহিনী নাছিল । ১৯৬২ চনত যেতিয়া নিউজীলেণ্ডৰ পৰা স্বাধীনতা লাভ কৰিছিল তেতিয়া দুয়োখন দেশৰ মাজত চুক্তি হৈছিল যে ছামোয়াই নিজাকৈ সেনাবাহিনী গঠন নকৰে আৰু প্ৰয়োজন সাপেক্ষে নিউজীলেণ্ডৰ পৰা নিৰাপত্তা সাহায্য বিচাৰিব ।