ধূলি আৰু প্ৰদূষণৰ মাজত কেনেদৰে ল’ব ছালৰ যতন; কি কি কৰিব ব্যৱহাৰ

ফাগুনত মন মতলীয়া হোৱাৰ লগতে জলবায়ুৰো যথেষ্ট পৰিৱর্তন হয়৷ ফাগুনৰ বতাহ, শুকান পৰিৱেশৰ বাবে ছাল, চুলি আদি অত্যন্ত শুকান হৈ পৰে। এই সময়চোৱাত প্ৰতিজন লোকেই নিজৰ চালৰ যত্ন ল’ব লাগে।বতাহৰ ফলত ছালখন শুকান হৈ পৰাৰ লগতে মুখত ৰিংকলছ পৰা দেখিবলৈ পোৱা যায়।তাৰ পৰা হাত সাৰিবৰ

ফাগুনত মন মতলীয়া হোৱাৰ লগতে জলবায়ুৰো যথেষ্ট পৰিৱর্তন হয়৷ ফাগুনৰ বতাহ, শুকান পৰিৱেশৰ বাবে ছাল, চুলি আদি অত্যন্ত শুকান হৈ পৰে।

এই সময়চোৱাত প্ৰতিজন লোকেই নিজৰ চালৰ যত্ন ল’ব লাগে।বতাহৰ ফলত ছালখন শুকান হৈ পৰাৰ লগতে মুখত ৰিংকলছ পৰা দেখিবলৈ পোৱা যায়।তাৰ পৰা হাত সাৰিবৰ বাবে কি কৰিব লাগে জানো আহক।  

গা ধোঁৱাৰ পূৰ্বে যদি ভালদৰে আপোনাৰ তেলেৰে মালিচ কৰিব পাৰে তেন্তে আপোনাৰ ছালখন ভাল হৈ থকাত সহায় হ’ব ৷ তিল তেল ইয়াৰ বাবে অতি উত্তম ৷  

অধিক মাত্ৰাত পানী খাব লাগে। পানীয়ে আমাৰ ছালখন উজ্জ্বল কৰাত সহায় কৰে।

এচামুছ বেচন, আধা চামুচ হালধি, আধা চামুচ কমলাৰ বাকলিৰ গুৰি, আধা চামুচ গোলাপৰ পাহিৰ গুৰি ৷ এই আটাইকেইটা দৈ বা ফলৰ ৰসেৰে মিশ্ৰণ তৈয়াৰ কৰি ফেচপেক হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷

এলভেৰা ব্যৱহাৰ কৰিব লাগে আৰু এই এলভেৰাৰ লগত অলপ হালধি আৰু মৌ মিহলাই মুখত সানিব লাগে।

শুকান দিনত ছালখন ভালে ৰাখিবৰ বাবে কেতিয়াও গৰম পানীৰে গা নুধুব। অধিক গৰম পানীৰে গা ধুলে ছালখন আৰু শুকান হৈ পৰে।  

শেহতীয়া প্ৰৱন্ধসমূহ