জবলপুৰৰ চিহোৰা তহচিলৰ পেহাৰৱাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত ৬ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও কেইবাজনো লোক আহত হৈছে।
তথ্য অনুসৰি, সোমবাৰে পুৱা ৰাষ্ট্ৰীয় ঘাইপথ-৭ৰ খিটোলা আৰক্ষী থানাৰ অন্তৰ্গত পাহৰেৱালা গাঁৱৰ ওচৰত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।
এখন যাত্ৰীবাহী বাছ আৰু ট্ৰেইলাৰৰ মাজত হোৱা এক সংঘৰ্ষত ট্ৰেইলাৰ বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় আৰু বাহনখনত থকা ছয়জন লোক ঘটনাস্থলীতে মৃত্যুবৰণ কৰে।
দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হোৱা ২জন লোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
জানিব পৰা মতে প্ৰয়াগৰাজত স্নান কৰি বাহনখনেৰে উভতি আহি থকাৰ অৱস্থাতে পুৱা প্ৰায় ৪.৩০ মান বজাত দুৰ্ঘটনাটো সংঘটিত হয়।
সকলো ভক্ত মহাকুম্ভৰ পৰা কৰ্ণাটকলৈ উভতি গৈ আছিল। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে চিহোৰা-খিতোলাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।