আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ত আজি বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ প্ৰথমখন খেল অনুষ্ঠিত হৈছিল। এই খেলখনত বাংলাদেশৰ বিৰুদ্ধে ভাৰতে জয় লাভ কৰিছে।
ভাৰতীয় দলটোৱে বাংলাদেশক ৬ উইকেটত পৰাস্ত কৰিছে। মেচখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। খেলখনত বাংলাদেশী দলটোৱে ভাৰতক জয়ৰ বাবে ২২৯ ৰাণৰ লক্ষ্য বান্ধি দিছিল।
বাংলাদেশী দলটোৱে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল।পিছে বাংলাদেশ দলটো ২২৮ ৰাণত অল আউট হৈছিল।
চেম্পিয়নছ ট্ৰফীত শুভমন গীলে শতক অৰ্জন কৰাৰ লগতে কে এল ৰাহুলে ৪১ আৰু ৰোহিত শৰ্মায়ো ৪১ ৰাণ সংগ্ৰহ কৰে।
বলিংৰ ক্ষেত্ৰত মহম্মদ ছামীয়ে ভাৰতৰ হৈ ৫টা উইকেট দখল কৰে।তাৰ পিছত, শুভমান গিলে বাংলাদেশৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰি টীম ইণ্ডিয়াক বিজয়ৰ দিশে আগুৱাই নিয়ে।
দেওবাৰ অৰ্থাৎ ২৩ তাৰিখে অনুষ্ঠিত হ’ব ইণ্ডিয়া-পাকিস্তানৰ হাই হাইভল্টেজ মেচ। যাক লৈ এতিয়া আশাবাদী ক্ৰিকেটৰ অনুৰাগী সকল।