এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাক হিউমেন ৰাইটছ কাউন্সিল (UNHRC) আৰু পেলেষ্টাইনীসকলৰ বাবে ৰাষ্ট্ৰসংঘৰ মূল সাহায্য সংস্থা (UNRWA)ৰ পৰা বাহিৰ কৰিবলৈ নিৰ্দেশ দিছে । ইউনেস্কোৰ দৰে ৰাষ্ট্ৰসংঘৰ অন্যান্য সংস্থাসমূহত আমেৰিকাৰ অংশগ্ৰহণৰ পৰ্যালোচনাৰ বাবেও তেওঁ নিৰ্দেশনা দিছে ।
ট্ৰাম্পে কয় যে ৰাষ্ট্ৰসংঘৰ কাম সঠিকভাৱে চলি থকা নাই যদিও এই বিশ্ব সংস্থাটোৰ প্ৰচণ্ড সম্ভাৱনা আছে বুলিও তেওঁ স্বীকাৰ কৰে । তেওঁ লগতে দাবী কৰে যে আমেৰিকাই আগবঢ়োৱা সাহায্য আন দেশৰ সাহায্যতকৈ অধিক আৰু সেয়েহে সকলো দেশৰ পৰা সমান পুঁজিৰ আহ্বান জনায় ।
পুঁজিৰ বৈষম্যই কাৰণ-
হোৱাইট হাউছৰ ষ্টাফ সচিব উইল শ্বাৰফে কয় যে ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহত আমেৰিকা বিৰোধী পক্ষপাতিত্বৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে । শ্বাৰফে কয় যে সাধাৰণতে কাৰ্যবাহী আদেশত বিভিন্ন দেশৰ মাজত পুঁজিৰ বৈষম্য আৰু আমেৰিকাৰ জড়িততাৰ পৰ্যালোচনাৰ আহ্বান জনোৱা হৈছে ।
UNRWA আৰু আমেৰিকাৰ পুঁজিৰ বিতৰ্ক-
UNRWA (United Nations Relief and Works Agency) হৈছে পেলেষ্টাইনী শৰণাৰ্থী, বিশেষকৈ গাজাৰ স্থানচ্যুত লোকসকলৰ বাবে প্ৰাথমিক সাহায্য সংস্থা । ইয়াৰ পূৰ্বে ট্ৰাম্প প্ৰশাসনে UNRWAৰ বাবে ধন কৰ্তন কৰিছিল আৰু ইয়াৰ ফলপ্ৰসূতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল ।
২০২৩ চনত ইজৰাইলে হামাছৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে UNRWAৰ একাংশ কৰ্মচাৰী জড়িত বুলি অভিযোগ কৰাৰ পিছত আমেৰিকাই বাৰ্ষিক ৩০০–৪০০ মিলিয়ন ডলাৰৰ পুঁজি স্থগিত ৰাখিছিল । যদিও তদন্তত নিৰপেক্ষতা সম্পৰ্কীয় বিষয় পোৱা গৈছে, তথাপিও ইজৰাইলৰ অভিযোগৰ কোনো প্ৰমাণ পোৱা নগ’ল । ইজৰাইল সমৰ্থক নীতিৰ অংশ হিচাপে প্ৰথম কাৰ্যকালত ট্ৰাম্পেও ইউ UNRWAক তীব্ৰ সমালোচনা কৰিছিল ।
ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত লৈছিল সিদ্ধান্ত-
প্ৰথম কাৰ্যকালত (২০১৭-২০২১) ট্ৰাম্পে UNRWAৰ পুঁজি কৰ্তন কৰি আমেৰিকাক মানৱ অধিকাৰ পৰিষদ (UNHRC) ৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰিছিল । ইজৰাইলৰ বিৰুদ্ধে থকা “পুৰণি পক্ষপাতিত্ব”ৰ উদাহৰণ দি তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে আৰু ৰাষ্ট্ৰসংঘত সংস্কাৰৰ দাবী জনায় ।
ৰাষ্ট্ৰসংঘৰ সংগঠনসমূহত অংশগ্ৰহণ-
ড’নাল্ড ট্ৰাম্পৰ এই কাৰ্যবাহী আদেশে ৰাষ্ট্ৰসংঘৰ সংগঠনসমূহত অংশগ্ৰহণৰ ক্ষেত্ৰত আমেৰিকাৰ স্থিতি স্পষ্ট কৰে । আমেৰিকা বিৰোধী পক্ষপাতিত্ব আৰু ইজৰাইল সমৰ্থক নীতিৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে, যিয়ে আমেৰিকা আৰু ৰাষ্ট্ৰসংঘৰ মাজৰ সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাব পাৰে । এতিয়া এই সিদ্ধান্তই বিশ্বৰ মঞ্চত কি প্ৰভাৱ পেলায় আৰু আন দেশসমূহে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষ্যণীয় ।