শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পে এক বিতৰ্কিত বক্তব্য আগবঢ়াইছে । য’ত তেওঁ কয় যে, তেওঁ বিচাৰে যে আমেৰিকাই গাজা ষ্ট্ৰিপৰ মালিকীস্বত্ব লওক আৰু পেলেষ্টাইনী জনসাধাৰণক আন দেশত বসতি স্থাপন কৰি অঞ্চলটোৰ পুনৰ উন্নয়ন কৰক । ট্ৰাম্পে কয় যে আমেৰিকাই গাজা ষ্ট্ৰিপ দখল কৰিব আৰু আমি ইয়াত কাম কৰিম । আমি ইয়াৰ মালিকীস্বত্ব ল’ম আৰু সকলো বিপজ্জনক অস্ত্ৰ ধ্বংস কৰাৰ দায়িত্ব ল’ম । ইয়াৰ উপৰিও তেওঁ কয় যে আমেৰিকাই এই অঞ্চলৰ ধ্বংসপ্ৰাপ্ত অট্টালিকাৰ ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিব আৰু তাৰ পিছত অৰ্থনৈতিক উন্নয়নৰ দিশত কাম কৰিব ।
অৱশ্যে এই পৰিকল্পনাৰ কাম কৰাৰ পদ্ধতি বা ইয়াৰ পৰিচালনা সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য দিয়া নাই ট্ৰাম্পে । আমেৰিকাই এই অঞ্চলটো কেনেকৈ শাসন কৰিব বা পেলেষ্টাইনী জনসাধাৰণৰ পুনৰ্বাসনৰ বাবে কি পৰিকল্পনা কৰা হ’ব সেই কথাও তেওঁ কোৱা নাই ।
গাজালৈ সৈন্য প্ৰেৰণ কৰাটো নুই কৰা নাছিল ট্ৰাম্পে-
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যদি গাজাৰ পুনৰ্নিৰ্মাণৰ ক্ষেত্ৰত আমেৰিকান সেনাৰ প্ৰয়োজন হয়, তেন্তে তেওঁ গাজাত সেনাবাহিনী নিয়োগ কৰাৰ কথা চিন্তা কৰিব পাৰে । ট্ৰাম্পে কয় যে যদি প্ৰয়োজনীয় হৈ পৰে তেন্তে আমি কৰিম । ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱেও ট্ৰাম্পৰ এই পৰিকল্পনাক সমৰ্থন কৰি ইয়াক লৈ সুখ প্ৰকাশ কৰে । নেতানিয়াহুৱে কয় যে আমি বিচাৰো যে গাজা ভৱিষ্যতে ইজৰাইলৰ বাবে কেতিয়াও ভাবুকি নহওক, কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে ইয়াক নতুন উচ্চতালৈ লৈ গৈছে । ট্ৰাম্পৰ ধাৰণা বেলেগ আৰু ই গাজাৰ ভৱিষ্যত সলনি কৰিব । এই ধাৰণাটোৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন । নেতানিয়াহুৱে কয় যে যদি এনেকুৱা হয় তেন্তে ইতিহাস সলনি হ’ব পাৰে ।
গাজাৰ পৰিস্থিতি সন্দৰ্ভত ট্ৰাম্পৰ মতামত-
গাজা ষ্ট্ৰিপৰ বিষয়ে ট্ৰাম্পক সোধাত তেওঁ কয় যে, “গাজা কেতিয়াও সফল হোৱা নাই । ই সম্পূৰ্ণ বিধ্বস্ত ঠাই । যদি আমি সঠিক ঠাই বিচাৰি পাওঁ আৰু তাত বহুত টকা খৰছ কৰি ভাল বনাব পাৰো, তেন্তে গাজালৈ উভতি যোৱাতকৈ সেয়া ভাল হ’ব । মই ভাবো ইয়াৰ মানুহে গাজা এৰিবলৈ উৎসাহী হ’ব ।” পেলেষ্টাইনী সন্দৰ্ভত ট্ৰাম্পৰ এই বক্তব্য এনে সময়ত আহিছে, যত ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে প্ৰথমবাৰৰ বাবে আমেৰিকা ভ্ৰমণ কৰিছে । উল্লেখ্য যে ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত দেশখনলৈ কোনো বিদেশী নেতাৰ এয়া প্ৰথম ভ্ৰমণ ।