বুধবাৰে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বুধবাৰে সংগমত স্নান কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগা পূজা কৰিব । প্ৰায় দুঘণ্টা ধৰি প্ৰয়াগৰাজত থাকিব তেওঁ । প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ প্ৰস্তুতি আৰম্ভ কৰিছে মেলা প্ৰশাসনে । মহাকুম্ভ চহৰত শিবিৰ পাতিছে নিৰাপত্তা সংস্থাই ।
অৰাল অঞ্চলত তেওঁৰ সুৰক্ষাৰ বাবে বিশেষ সতৰ্কবাণী জাৰি কৰা হৈছে । প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে মোতায়েন কৰা হৈছে ৫টা খণ্ডৰ দণ্ডাধীশ । ২০২৪ চনৰ ১৩ ডিচেম্বৰত প্ৰয়াগৰাজলৈ আহি প্ৰধানমন্ত্ৰী মোদীয়ে ৫৫০০ কোটি টকাৰ ১৬৭টা প্ৰকল্পৰ কথা ঘোষণা কৰিছিল ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী চলি থকা অঞ্চলসমূহ এন এছ জিয়ে দখল কৰিছে । দণ্ডাধীশৰ লগতে বৃহৎ সংখ্যক আৰক্ষী, পি এ চি আৰু আৰ এ এফৰ জোৱান নিয়োগ কৰা হৈছে । গংগা ঘাটসমূহৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । মহানগৰীৰ পৰা কুম্ভ চহৰলৈ সন্দেহযুক্ত লোকৰ তালাচী অব্যাহত আছে ।
মুখ্যমন্ত্ৰী আদিত্যনাথৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়েও প্ৰধানমন্ত্ৰীক সংগ দিব । মেলাৰ বিষয়া বিজয় কিৰণ আনন্দই কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে । পাঁচজন দণ্ডাধীশ আৰু বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে সংগমত স্নান কৰি গংগাক পূজা কৰিব ।
২০১৯ চনৰ কুম্ভত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে-
পি এম অ’ই কয় যে ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ প্ৰতি থকা প্ৰতিশ্ৰুতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে তীৰ্থস্থানত আন্তঃগাঁথনি আৰু সা-সুবিধা বৃদ্ধিৰ বাবে নিৰন্তৰ সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৩ ডিচেম্বৰত প্ৰয়াগৰাজ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সাধাৰণ জনতাৰ সংযোগ, সুবিধা আৰু সেৱাৰ উন্নতিৰ বাবে ৫৫০০ কোটি টকাৰ ১৬৭টা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিছিল বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে । ইয়াৰ পূৰ্বে ২৪ ফেব্ৰুৱাৰীত ২০১৯ চনৰ কুম্ভ মেলাৰ সময়ত তেওঁ গংগাত স্নান কৰি চাফাই কৰ্মীৰ ভৰি ধুইছিল ।