বিহাৰ কংগ্ৰেছ নেতা চাকিল আহমেদ খানৰ পুত্ৰৰ আত্মহত্যা ; চৰকাৰী আৱাসত উদ্ধাৰ মৃতদেহ

বিহাৰৰ পৰা এক ডাঙৰ খবৰ পোৱা গৈছে।কংগ্ৰেছ নেতা চাকিল আহমেদ খানৰ পুত্ৰই আত্মহত্যা কৰিছে। খবৰ অনুসৰি তেওঁ পাটনাৰ এমএলচি বাসভৱনত আত্মহত্যা কৰিছে। সচিবালয়ৰ ডিএছপিয়ে ঘটনাটো নিশ্চিত কৰিছে আৰু আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে।এই কৰুণ ঘটনাটোৱে এক আলোড়নৰ সৃষ্টি কৰিছে। উল্লেখনীয় যে শেহতীয়াকৈ ১৮ জানুৱাৰীত ৰাহুল

বিহাৰৰ পৰা এক ডাঙৰ খবৰ পোৱা গৈছে।কংগ্ৰেছ নেতা চাকিল আহমেদ খানৰ পুত্ৰই আত্মহত্যা কৰিছে। খবৰ অনুসৰি তেওঁ পাটনাৰ এমএলচি বাসভৱনত আত্মহত্যা কৰিছে।

সচিবালয়ৰ ডিএছপিয়ে ঘটনাটো নিশ্চিত কৰিছে আৰু আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে।এই কৰুণ ঘটনাটোৱে এক আলোড়নৰ সৃষ্টি কৰিছে।

উল্লেখনীয় যে শেহতীয়াকৈ ১৮ জানুৱাৰীত ৰাহুল গান্ধীৰ বিহাৰ ভ্ৰমণৰ সময়ত চাকিল আহমেদ খানৰ পুত্ৰক মঞ্চতে তেওঁৰ সৈতে পৰিচয় কৰাই দিছিল।

মন কৰিব লগীয়া যে চাকিল আহমেদ খান কাদৱাৰ বিধায়ক আৰু তেওঁৰ পুত্ৰৰ নাম আছিল আয়ান খান। আয়ান, চাকিল আহমেদ খানৰ একমাত্ৰ পুত্ৰ আছিল।

তেওঁৰ এজনী জীয়ৰীও আছে যি ইংলেণ্ডত অধ্যয়ন কৰি আছে। আয়ান দ্বাদশ শ্ৰেণীত অধ্যয়ণৰত আছিল আৰু তেওঁৰ বয়স আছিল ১৭ বছৰ।

চাকিল আহমেদ খান প্ৰথমবাৰৰ বাবে ২০১৫ চনত বিহাৰৰ কাটিহাৰ জিলাৰ কদৱা বিধানসভা আসনৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০২৩ চনৰ জুন মাহত ড০ চাকিল আহমেদ খানক বিহাৰত কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে নিযুক্তি দিয়া হয়।

শেহতীয়া প্ৰৱন্ধসমূহ