যকৃত সুস্থ কৰি ৰাখিবলৈ অন্তৰ্ভূক্ত কৰক এই কেইটা খাদ্য...লাভ কৰিব বহুতো উপকাৰ

যকৃত সুস্থ কৰি ৰাখিবলৈ অন্তৰ্ভূক্ত কৰক এই কেইটা খাদ্য…লাভ কৰিব বহুতো উপকাৰ

লিভাৰ যাক অসমীয়াত যকৃত বুলি কোৱা মানৱ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ যিয়ে শৰীৰৰ বহুতো কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । যেনে বিপাকীয় ক্ৰিয়া, প্ৰতিৰোধ ক্ষমতা, হজম, বিষাক্ত পদাৰ্থ আঁতৰোৱা, ভিটামিন সংৰক্ষণ আদি । সামগ্ৰিক স্বাস্থ্যৰ বাবে যকৃতক সুস্থ কৰি ৰখাটো গুৰুত্বপূৰ্ণ । অস্বাস্থ্যকৰ যকৃত থাকিলে

লিভাৰ যাক অসমীয়াত যকৃত বুলি কোৱা মানৱ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ যিয়ে শৰীৰৰ বহুতো কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । যেনে বিপাকীয় ক্ৰিয়া, প্ৰতিৰোধ ক্ষমতা, হজম, বিষাক্ত পদাৰ্থ আঁতৰোৱা, ভিটামিন সংৰক্ষণ আদি । সামগ্ৰিক স্বাস্থ্যৰ বাবে যকৃতক সুস্থ কৰি ৰখাটো গুৰুত্বপূৰ্ণ । অস্বাস্থ্যকৰ যকৃত থাকিলে যকৃতৰ ৰোগ আৰু বিপাকীয় বিকাৰ হ’ব পাৰে । সেয়ে শৰীৰক সুস্থ কৰি ৰাখিবলৈ যকৃতক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয় ।

ফলমূল, শাক-পাচলি-

যকৃত সুস্থ কৰি ৰাখিবলৈ দৈনন্দিন খাদ্য তালিকাত ফলমূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰক । পালেং, ব্ৰকলি, বিলাহী, আপেল, আঙুৰ, জামু আদি ফল-মূল আৰু শাক-পাচলি খাব লাগে, কিয়নো ইয়াত এন্টিঅক্সিডেন্ট, ভিটামিন আৰু আঁহ থাকে যিয়ে লিভাৰ সুস্থ কৰি ৰাখে । বিশেষকৈ ছাইট্ৰাছ ফল নিয়মিতভাৱে খালে যকৃতৰ প্ৰদাহ কমি যায় আৰু বিষমুক্তকৰণৰ উন্নতি হয় ।

আঙুৰত বিশেষকৈ এন্টিঅক্সিডেন্ট বেছি থাকে যিয়ে প্ৰদাহ হ্ৰাস কৰাত আৰু আপোনাৰ যকৃতক ক্ষতিৰ পৰা ৰক্ষা কৰাত অতি উত্তম ।

গোটা শস্য-

ইয়াত আঁহ থাকে যিয়ে পাচনত সহায় কৰে আৰু যকৃতক সুস্থ কৰি ৰাখে । গতিকে ব্ৰাউন ৰাইচ, অটচ, কুইনোয়া, বাৰ্লি আদি গোটা শস্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে ।

দালি-

ইয়াত প্ৰটিন আৰু আঁহ থাকে । গতিকে মগু দালি, চানা দালি আৰু মছুৰ দালি আদি যকৃতৰ বাবে স্বাস্থ্যকৰ ।

বাদাম আৰু গুটি-

ইয়াত স্বাস্থ্যকৰ চৰ্বি আৰু এন্টিঅক্সিডেন্ট থাকে । খাদ্যত বাদাম আৰু বীজ যেনে আলমণ্ড, আখৰোট, চিয়া গুটি নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰক ।

গ্ৰীণ টী-

গৱেষণাৰ মতে গ্ৰীণ টিত এন্টিঅক্সিডেন্ট থকাৰ বাবে যকৃতৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হৈছে । বিশেষকৈ কেটেচিন যেনে এপিগালোকেটেচিন গেলেট (EGCG) যিয়ে যকৃতক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে, প্ৰদাহ হ্ৰাস কৰিব পাৰে, আৰু চৰ্বিযুক্ত যকৃতৰ ৰোগ আৰু যকৃতৰ কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ