একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয় ভাৰতীয় দলৰ...ফাইনেলত পৰাস্ত কৰিলে দক্ষিণ আফ্ৰিকাক

একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয় ভাৰতীয় দলৰ…ফাইনেলত পৰাস্ত কৰিলে দক্ষিণ আফ্ৰিকাক

ভাৰতীয় দলটোৱে শক্তিশালী প্ৰদৰ্শনেৰে আই চি চি মহিলাৰ ১৯ বছৰ অনুৰ্ধ টি-২০ বিশ্বকাপ ২০২৫ খিতাপ দখল কৰে । দেওবাৰে (২ ফেব্ৰুৱাৰী) কুৱালালামপুৰৰ বায়ুমাছ অ’ভেলত অনুষ্ঠিত হোৱা ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে । মেচখনত ভাৰতীয় দলটোৱে ৮৩ ৰানৰ লক্ষ্য লাভ কৰি মাত্ৰ ১১.২

ভাৰতীয় দলটোৱে শক্তিশালী প্ৰদৰ্শনেৰে আই চি চি মহিলাৰ ১৯ বছৰ অনুৰ্ধ টি-২০ বিশ্বকাপ ২০২৫ খিতাপ দখল কৰে । দেওবাৰে (২ ফেব্ৰুৱাৰী) কুৱালালামপুৰৰ বায়ুমাছ অ’ভেলত অনুষ্ঠিত হোৱা ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে । মেচখনত ভাৰতীয় দলটোৱে ৮৩ ৰানৰ লক্ষ্য লাভ কৰি মাত্ৰ ১১.২ অভাৰতে জয়লাভ কৰে । ভাৰতীয় দলৰ জয়ৰ ক্ষেত্ৰত অ’পেনাৰ বেটছমেন গংগাদী তৃষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তৃষাই বলিঙত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে বেটিঙত অপৰাজিত ৪৪ ৰান সংগ্ৰহ কৰে ।

একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ’ল টিম ইণ্ডিয়া-

একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে ভাৰতে । ২০২৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত শ্বেফালী বাৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটো চেম্পিয়ন হৈছিল । এইবাৰো ভাৰতীয় দলটোৰ এই পৰ্যন্ত অভিযান উৎকৃষ্ট আৰু প্ৰতিযোগিতাখনৰ সাতখন মেচতে জয়লাভ কৰিছে । নিকি প্ৰসাদৰ নেতৃত্বাধীন দলটোৱে তিনিওটা বিভাগতে ভাল প্ৰদৰ্শন আগবঢ়াইছে ।

ফাইনেলত লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলটোৱে এক সুন্দৰ আৰম্ভণি কৰিছিল । জি কমলিনী আৰু গংগাদী তৃষাই একেলগে ৪.৩ অভাৰত ৩৬ ৰানৰ অংশীদাৰিত্ব গঢ়ে । কাইলা ৰেনেকেৰ বলত ৮ ৰান সংগ্ৰহ কৰি আউট হয় কমলিনী । ইয়াৰ পিছত গংগাদী তৃষা আৰু শনিকা চলকে এক উজ্জ্বল অংশীদাৰিত্ব গঢ়ি ভাৰতক জয়ৰ দিশে আগুৱাই লৈ যায় । তৃষাই ৮টা চাৰিৰ সহায়ত ৩৩টা বলত অপৰাজিত ৪৪ ৰান সংগ্ৰহ কৰে । আনহাতে শনিকা চালকে ২৬ ৰানত অপৰাজিত হৈ থাকে ।

দক্ষিণ আফ্ৰিকাৰ ইনিংছ-

টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত সমগ্ৰ দক্ষিণ আফ্ৰিকাৰ দলটোৱে ২০ অভাৰত ৮২ ৰান সংগ্ৰহ কৰি অল আউট হয় । দক্ষিণ আফ্ৰিকাই আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰত বাওঁহাতৰ স্পীনাৰ পাৰুনিকা চিছ’ডিয়াই ছিমন লৰেন্সক (০) আউট কৰি দলটোক আঘাত দিয়ে । এই সময়ত দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ আছিল ১১ ৰান । তাৰ পাছত মিডিয়াম পেচাৰ শ্ববনম শ্বাকিলে আনজন অ’পেনাৰ জেম্মা বোথাক আউট কৰে । তিনি চাৰিৰ সহায়ত ১৪টা বলত ১৬ ৰান সংগ্ৰহ কৰে বোথাই । দক্ষিণ আফ্ৰিকাই ২০ ৰানত তৃতীয়টো আঘাতৰ সন্মুখীন হয়, যেতিয়া বাওঁহাতৰ স্পীনাৰ আয়ুষী শুক্লাই দিয়াৰা ৰামলাকানক ৩ ৰানত আউট কৰে ।

দক্ষিণ আফ্ৰিকাৰ উইকেট পতনৰ ক্ৰম অব্যাহত আছিল । পাৰ্ট টাইম স্পীনাৰ গংগাদি তৃষাই অধিনায়ক কাইলা ৰেনেকে (৭ ৰান) পেভিলিয়নলৈ প্ৰেৰণ কৰে । আনহাতে, কাৰাবো মেছ’ (১০ ৰান) আয়ুষী শুক্লাৰ স্পীনত আবদ্ধ হৈ পৰে । ৪৪ ৰানত ৫ উইকেট হেৰুৱাই মিকে ভান ভ’ৰষ্ট আৰু ফেই কাউলিঙে ইনিংছ চম্ভালিবলৈ চেষ্টা কৰে । ষষ্ঠ উইকেটৰ বাবে দুয়োৰে মাজত ৩০ ৰানৰ অংশীদাৰিত্ব গঢ়ে ।

তাৰ পাছত গংগাদী তৃষাই একেটা অভাৰতে দুটা উইকেট দখল কৰি দক্ষিণ আফ্ৰিকাৰ বাবে পুনৰ পৰিস্থিতি দুৰ্বল কৰি পেলায় । তৃষাই মিকে ভান ভ’ৰ্ষ্টক ষ্টাম্প কৰে । ইয়াৰ পিছতে তেওঁ শেশনী নাইডুক ০ (০) আউট কৰে । তিনিটা চাৰিৰ সহায়ত ১৮টা বলত সৰ্বাধিক ২৩ ৰান সংগ্ৰহ কৰে মিকে ভান ভ’ৰ্ষ্টে । ইয়াৰ পাছতে বাওঁহাতৰ স্পিনাৰ বৈষ্ণৱী শৰ্মাই একেটা অভাৰতে ফেই কাউলিং (১৫) আৰু মনালিছা লেগোডী (০)ৰ উইকেট দখল কৰে । ইনিংছৰ শেষৰ বলত থকাৰ সময়তে পাৰুণিকা চিছ’দিয়াই এছলী ভান ৱাইক (০)ক পুনৰ পেভিলিয়নলৈ পঠিয়াই । ভাৰতৰ হৈ গংগাদী তৃষাই সৰ্বাধিক তিনিটা উইকেট দখল কৰে । আনহাতে বৈষ্ণৱী শৰ্মা, পাৰুণিকা চিসোদিয়া আৰু আয়ুষী শুক্লাই দুটাকৈ সফলতা লাভ কৰে । ভাৰতৰ হৈ এই মেচত স্পিনাৰে মুঠ ৯টা উইকেট দখল কৰে ।

ভাৰতীয় দলৰ খিতাপ যাত্ৰাঃ

১. ৱেষ্ট ইণ্ডিজক ৯ উইকেটত পৰাস্ত কৰে

২. মালয়েছিয়াৰ বিৰুদ্ধে ১০ উইকেটত জয়ী

৩. শ্ৰীলংকাক ৬০ ৰানত পৰাস্ত কৰে

৪. বাংলাদেশৰ বিৰুদ্ধে ৮ উইকেটত জয়ী

৫. স্কটলেণ্ডক ১৫০ ৰাণত পৰাস্ত কৰে

৬. ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ৯ উইকেটত জয়

৭. ফাইনেলত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে

শেহতীয়া প্ৰৱন্ধসমূহ