বাজেট অধিবেশনৰ পূৰ্বে আহ্বান সৰ্বদলীয় বৈঠক...চৰকাৰৰ কাৰ্যসূচীৰ বিষয়ে অৱগত

বাজেট অধিবেশনৰ পূৰ্বে আহ্বান সৰ্বদলীয় বৈঠক…চৰকাৰৰ কাৰ্যসূচীৰ বিষয়ে অৱগত

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজনৈতিক দলৰ নেতাৰ বৈঠক আহ্বান কৰে । শুকুৰবাৰে দুয়োটা সদনৰ যৌথ বৈঠকত ৰাষ্ট্ৰপতিয়ে ভাষণেৰে অধিৱেশন আৰম্ভ হ’ব আৰু ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰা হ’ব । ১৩ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ অধিবেশন সমাপ্ত হ’ব আৰু ১০ মাৰ্চৰ পৰা দ্বিতীয়

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজনৈতিক দলৰ নেতাৰ বৈঠক আহ্বান কৰে । শুকুৰবাৰে দুয়োটা সদনৰ যৌথ বৈঠকত ৰাষ্ট্ৰপতিয়ে ভাষণেৰে অধিৱেশন আৰম্ভ হ’ব আৰু ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰা হ’ব । ১৩ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ অধিবেশন সমাপ্ত হ’ব আৰু ১০ মাৰ্চৰ পৰা দ্বিতীয় পৰ্যায়ৰ অধিবেশন আৰম্ভ হ’ব । ৪ এপ্ৰিলত সমাপ্ত হ’ব অধিৱেশন । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বৈঠক ।

চৰকাৰৰ কাৰ্যসূচী সন্দৰ্ভত ৰাজনৈতিক দলসমূহক অৱগত কৰাৰ লগতে অধিৱেশনৰ সময়ত বিৰোধীয়ে উত্থাপন কৰা বিষয়সমূহৰ ওপৰত তথ্য আহৰণৰ বাবে এই বৈঠক আহ্বান কৰা হয় । ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু জয়ৰাম ৰমেশ, দ্ৰাবিদা মুনেত্ৰ কাঝাগমৰ টি.আৰ. বালু, তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দোপাধ্যায়, ডেৰেক অ’ব্ৰাইনেকে ধৰি বহু নেতাই অংশগ্ৰহণ কৰে এই বৈঠকত । সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱেও এই বৈঠকত অংশগ্ৰহণ কৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ