শীতকালৰ আটাইতকৈ স্বাস্থ্যকৰ আৰু উপকাৰী শাক-পাচলিবোৰৰ ভিতৰত অন্যতম হ’ল গাজৰ । চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ বাবে গাজৰ বেছিকৈ পৰিচিত । ইয়াৰ লগতে শীতকালত গাজৰৰ ৰসো সেৱন কৰা হয় । গাজৰৰ ৰস কেৱল সোৱাদযুক্তই নহয়, আমাৰ স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী । ভিটামিন, খনিজ আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ গাজৰৰ ৰসে শৰীৰক সুস্থ কৰি ৰাখে আৰু লগতে বহু ৰোগৰ পৰাও ৰক্ষা কৰে ।
যদি আপুনি এতিয়ালৈকে গাজৰৰ ৰস খোৱা নাই, তেন্তে ইয়াৰ আচৰিত উপকাৰিতা জনাৰ পিছত নিশ্চিতভাৱে ইয়াক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব । গতিকে গাজৰৰ ৰস খালে আমি কি কি উপকাৰ পাব পাৰো জানক ।
-চকুৰ বাবে উপকাৰী
গাজৰত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে, যিটো চকুৰ স্বাস্থ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ । চকুৰ দৃষ্টিশক্তি উন্নত কৰাৰ লগতে কুকুৰীকণাৰ দৰে সমস্যা ৰোধ কৰে । নিয়মিতভাৱে গাজৰৰ ৰস খালে চকুৰ পেশী শক্তিশালী হয় আৰু লগতে চকুৰ লগত জড়িত অন্যান্য সমস্যাও হ্ৰাস পায় ।
ছালৰ বাবে অতি উত্তম-
গাজৰত বিটা-কেৰটিন নামৰ এবিধ উপাদান থাকে, যিয়ে ছালৰ উন্নতিত সহায় কৰে । ই বাৰ্ধক্যৰ লক্ষণসমূহ লেহেমীয়া কৰে আৰু বলিৰেখা কমোৱাত সহায় কৰে । ইয়াৰ উপৰিও গাজৰৰ ৰসে ছালত প্ৰাকৃতিক গ্লো দিয়ে আৰু ব্ৰণৰ সমস্যাও দূৰ কৰিব পাৰে ।
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী-
গাজৰৰ ৰস হৃদযন্ত্ৰৰ বাবেও উপকাৰী । ইয়াত পটাছিয়াম আৰু ফাইবাৰ থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে । ই হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে আৰু কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায় ।
পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে-
গাজৰৰ ৰসে পেট পৰিষ্কাৰ আৰু পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে । ইয়াত থকা আঁহে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে আৰু পেটৰ স্বাস্থ্য উন্নত কৰে । ই অন্ত্ৰ পৰিষ্কাৰ কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰায় ।
ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে-
গাজৰত ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে । ই শৰীৰক বহুতো সংক্ৰমণ আৰু ৰোগৰ পৰা ৰক্ষা কৰে । গাজৰৰ ৰসে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
ওজন কমোৱাত সহায়ক-
ওজন কমাবলৈও গাজৰৰ ৰস সহায়ক । ইয়াত কেলৰি খুব কম থাকে যদিও ইয়াৰ ফলত পেটটো বহু সময়লৈকে ভৰপূৰ অনুভৱ হয় । গাজৰৰ ৰসত পেক্টিন নামৰ উপাদান থাকে, যিয়ে ভোক নিয়ন্ত্ৰণ কৰে আৰু ওজন কমোৱাত সহায় কৰে ।
চুলিৰ স্বাস্থ্য উন্নত কৰে-
বিলাহীৰ ৰসত ভিটামিন এ আৰু বিটা-কেৰটিন থাকে, যিবোৰ চুলিৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । ই চুলি মজবুত কৰে আৰু চুলি সৰাত বাধা দিয়ে । ইয়াৰ উপৰিও গাজৰৰ ৰসে চুলি চিকচিকিয়া আৰু কোমল কৰি তোলে ।