জানি বা অজানিতে আমি খাদ্য খোৱাৰ লগত জড়িত বহুতো ভুল কৰো, যাৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে । মানুহে যি ৰোগত ভোগে প্ৰায় সকলো ৰোগেই তেওঁৰ বেয়া খাদ্যাভ্যাসৰ বাবেই হয় । ইয়াত আমি আপোনালোকক ক’ম খাদ্য সম্পৰ্কীয় সাধাৰণ ভুলৰ বিষয়ে যিবোৰ মানুহে প্ৰায়ে অজানিতে কৰে আৰু যিবোৰে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে ।
অত্যধিক চেনি সেৱন-
অত্যধিক চেনি বা মিঠা বস্তু বিশেষকৈ প্ৰচেছড খাদ্যত থকা চেনি খোৱাটোৱে স্বাস্থ্যৰ ওপৰত অতি বেয়া প্ৰভাৱ পেলায় । ইয়াৰ ফলত ওজন বৃদ্ধি, তেজত শৰ্কৰাৰ মাত্ৰাৰ ভাৰসাম্যহীনতা আৰু ডায়েবেটিছৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে । মিঠাই খোৱাৰ সলনি সতেজ ফলমূল আৰু প্ৰাকৃতিক চেনি খাব পাৰে ।
খালী পেটত অত্যধিক কেফেইন সেৱন-
খালী পেটত চাহ বা কফি খালে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে । ইয়াৰ ফলত পেটত এচিডিটি আৰু গেছৰ সমস্যা বৃদ্ধি পাব পাৰে । ইয়াৰ উপৰিও ই শৰীৰৰ পাচনতন্ত্ৰত হেঁচা প্ৰয়োগ কৰে । পুৱা সাৰ পোৱাৰ পিছত প্ৰথমে পানী খাই লঘু আহাৰ খাব লাগে, তাৰ পিছত কেফেইন সেৱন কৰিব লাগে ।
সঠিক সময়ত খাদ্য গ্ৰহণ নকৰা-
সময়মতে খাদ্য নোখোৱা, বিশেষকৈ গভীৰ নিশা গধুৰ আহাৰ গ্ৰহণ কৰিলেও স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে । ই পাচনতন্ত্ৰত প্ৰভাৱ পেলায় আৰু বিপাকীয় ক্ৰিয়া লেহেমীয়া কৰে, যাৰ ফলত ওজন বৃদ্ধি পায় । প্ৰতিদিনে একে সময়তে খাদ্য খোৱাৰ চেষ্টা কৰক, শুই উঠাৰ কমেও ২-৩ ঘণ্টা পূৰ্বে ৰাতিৰ আহাৰ গ্ৰহণ কৰাটো ভাল ।
প্ৰচেছড আৰু পেকেজড খাদ্যৰ অত্যধিক সেৱন-
দ্ৰুত আৰু সুবিধাজনক খাদ্যৰ বাবে অত্যধিক প্ৰচেছড খাদ্য আৰু জলপান খোৱাটো ভুল । ইয়াত অধিক পৰিমাণৰ ট্ৰেন্স ফেট, চেনি আৰু ছডিয়াম থাকে, যাৰ ফলত মেদবহুলতা, হৃদৰোগ আৰু ডায়েবেটিছ ৰোগ হ’ব পাৰে । সেয়েহে সতেজ ফলমূল, শাক-পাচলি আৰু ঘৰতে বনোৱা খাদ্য খাবলৈ আৰম্ভ কৰক ।
প্ৰটিনৰ অভাৱ-
খাদ্যত পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন নথকাৰ বাবে পেশী গঠন লেহেমীয়া হয় আৰু শৰীৰে প্ৰয়োজনীয় শক্তি নাপায় । গতিকে খাদ্যত দালি, বাদাম, বীজ, কণী আৰু দৈ আদি প্ৰটিন অন্তৰ্ভুক্ত কৰক ।
হাইড্ৰেচনৰ অভাৱ-
বিশেষকৈ গ্ৰীষ্মকালত বা শাৰীৰিক কাৰ্য্যকলাপৰ সময়ত পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয় । ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱ হ’ব পাৰে, যাৰ ফলত ছালৰ সমস্যা, কোষ্ঠকাঠিন্য, মূৰৰ বিষ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে । গতিকে প্ৰতিদিনে কমেও ৮-১০ গিলাচ পানী খাব লাগে আৰু লগতে নাৰিকল পানী আৰু সতেজ ফলৰ ৰস খাওক যাতে শৰীৰ হাইড্ৰেটেড হৈ থাকে ।
বহু সময় ভোকত থকা-
কোনো কাৰণ নোহোৱাকৈ বেছি সময় নোখোৱাকৈ থাকিলে শৰীৰত শক্তিৰ অভাৱ হয় । এই কাম কৰাটো একেবাৰে ভুল । ইয়াৰ ফলত বিপাকীয় ক্ৰিয়া লেহেমীয়া হয় আৰু যেতিয়া আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া শৰীৰে অতিৰিক্ত কেলৰি জমা কৰিবলৈ চেষ্টা কৰে । মাজে মাজে কম কমকৈ আৰু সুষম আহাৰ খাই থাকিব লাগে, যাতে শৰীৰে শক্তি লাভ কৰি থাকে ।