ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫খনীয়া খেলৰ টি-২০ শৃংখলাৰ তৃতীয়খন খেল মঙলবাৰে (২৮ জানুৱাৰী) ৰাজকোটৰ নিৰঞ্জন শ্বাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই মেচত ইংলেণ্ড দলে ২৬ ৰানত জয়লাভ কৰে । অৱশ্যে প্ৰথম দুখন মেচত জয়লাভ কৰি ভাৰতীয় দল এতিয়াও এই শৃংখলাত ২-১ ব্যৱধানত আগবাঢ়ি আছে ।
এই মেচখনত টছত পৰাস্ত হোৱাৰ পাছত ইংলেণ্ডে প্ৰথমে বেটিং কৰিবলৈ আহি ভাৰতক ১৭২ ৰানৰ লক্ষ্য বান্ধি দিয়ে । প্ৰত্যুত্তৰত ভাৰতীয় দলে ৯ উইকেটত মাত্ৰ ১৪৬ ৰানহে সংগ্ৰহ কৰে আৰু মেচখনত পৰাস্ত হয় । এই মেচত ভাৰতীয় দলৰ পৰাজয়ৰ ৫টা ডাঙৰ কাৰণ আছিল ।
প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে ছামীয়ে-
এই মেচখনৰ বাবে ভাৰতীয় প্লেইং-১১ত প্ৰৱেশ কৰে বেগী বলাৰ মহম্মদ ছামী । প্ৰায় ১৪ মাহৰ পিছত ভাৰতীয় দললৈ উভতি প্ৰত্যাৱৰ্তন ঘটায় তাৰকা বেগী বলাৰগৰাকীয়ে । কিন্তু তেওঁৰ পুৰণি ছন্দত তেওঁক দেখা পোৱা নগ’ল । ছামীৰ বাবে বিশ্ৰাম দিয়া হয় বেগী বলাৰ অৰ্শদীপ সিঙক । বিগত ২ খন মেচত ৩ টা উইকেট দখল কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ গৈছিল অৰ্শদীপে ।
কিন্তু তৃতীয়খন মেচত ছামীয়ে নিজৰ শক্তি প্ৰদৰ্শনত ব্যৰ্থ হয়, যিটো দলৰ বাবে ডাঙৰ ক্ষতি বুলি প্ৰমাণিত হ’ল । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পাছত ভাৰতীয় দললৈ ঘূৰি আহিছিল ছামী । কিন্তু এই মেচখনত তেওঁ ৩ অভাৰত বলিং কৰি ২৫ ৰান খৰছ কৰে । মেচখনত ছামীয়ে উইকেট দখলত ব্যৰ্থ হয় । তেওঁৰ ইকনমিৰ হাৰো আছিল ৮.৩৩ ।
আটাইতকৈ ব্যয়বহুল বুলি প্ৰমাণিত হ’ল বিষ্ণোই-
ভাৰতীয় লেগ স্পীনাৰ ৰবি বিষ্ণোই এই শৃংখলাৰ প্ৰথম তিনিখন মেচত মূল একাদশত স্থান লাভ কৰিছে যদিও তেওঁ ব্যৰ্থ বুলি প্ৰমাণিত হয় । তিনিওখন মেচতে বিষ্ণোইয়ে মাত্ৰ এটা উইকেট দখল কৰিছে । তৃতীয় টি-২০ত তেওঁ এই উইকেট দখল কৰে । ৰাজকোটত অনুষ্ঠিত এই টি-২০ মেচখনত বিষ্ণোই অতি ব্যয়বহুল বুলি প্ৰমাণিত হয় ।
ৰবি বিষ্ণোই ৪ অভাৰত বলিং কৰে, য’ত তেওঁ আটাইতকৈ ব্যয়বহুল বুলি প্ৰমাণিত হয় । ১১.৫০ৰ অতি দুৰ্বল ইকনমি ৰেটত তেওঁ ৪৬ ৰান দিয়ে । তেওঁৰ অভাৰত ইংৰাজ বেটছমেনে সৰ্বাধিক ৫টা ছয় কোবাই । লগতে ২ চাৰিও আছিল । বিষ্ণোইৰ এই ব্যয়বহুল বলিং পৰাজয়ৰ এক ডাঙৰ কাৰণ বুলি প্ৰমাণিত হয় ।
টপ অৰ্ডাৰ ফ্লপ শ্ব’ আছিল পৰাজয়ৰ ডাঙৰ কাৰণ-
বলিঙৰ পিছত সমগ্ৰ দায়িত্ব ভাৰতীয় বেটিঙৰ ওপৰত আছিল যদিও শীৰ্ষ অৰ্ডাৰ বেয়াকৈ ফ্লপ হয় । লক্ষ্য অনুসৰণ কৰাৰ সময়ত ভাৰতীয় দলটোৱে অতি বেয়া আৰম্ভণি কৰিছিল আৰু মাত্ৰ ৩১ ৰানৰ স্ক’ৰত সঞ্জু চেমছন আৰু অভিষেক শৰ্মাৰ উইকেট হেৰুৱাইছিল । ৩ ৰান সংগ্ৰহ কৰি আউট হৈছিল সঞ্জু আৰু ২৪ ৰান সংগ্ৰহ কৰি আউট হৈছিল অভিষেক ।
এই মেচত অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ দুৰ্বল ফৰ্ম অব্যাহত থাকে । তেওঁ মাত্ৰ ১৪ ৰান সংগ্ৰহ কৰি আউট হয় । সূৰ্য আউট হোৱাৰ সময়ত ভাৰতৰ স্ক’ৰ আছিল ৩ উইকেটত ৪৮ ৰান । এই প্ৰাৰম্ভিক বিপৰ্যয়ৰ পিছত ভাৰতীয় দলটোৱে প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি মেচখনত পৰাস্ত হয় ।
বিফল মিডল অৰ্ডাৰো-
শীৰ্ষ অৰ্ডাৰ ফ্লপ হোৱাৰ পিছত অনুৰাগীৰ সকলো আশা মিডল অৰ্ডাৰৰ ওপৰত আছিল । কিন্তু ইয়াতো মই হতাশ হয় অনুৰাগী । ইটোৰ পিছত সিটো উইকেট পতনৰ বাবে মিডল অৰ্ডাৰো থৰক-বৰক হৈ পৰে । তিলক বাৰ্মাই ১৮ ৰান, ছয় নম্বৰত অহা ৱাশ্বিংটন সুন্দৰে ৬ আৰু সাত নম্বৰত অহা অক্ষৰ পেটেলে ১৫ ৰান সংগ্ৰহ কৰি আউট হয় ।
উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলক ৮ নম্বৰত বেটিং কৰিবলৈ পঠিওৱা হয় যদিও তেওঁৱো বিফল হয় । ২ ৰান সংগ্ৰহ কৰি আউট হয় জুৰেল । এইদৰে ইংৰাজ বলাৰৰ সন্মুখত মিডল অৰ্ডাৰৰ পতন ঘটি ভাৰতীয় দলটোৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।
সূৰ্য আৰু সঞ্জুৰ ধাৰাবাহিক ব্যৰ্থতা-
বেটিঙত অধিনায়ক সূৰ্য আৰু উইকেটকীপাৰ বেটছমেন সঞ্জু চেমছনৰ ফ্লপ শ্ব’ অব্যাহত আছে । প্ৰথমখন মেচত সূৰ্যই নিজৰ একাউণ্টো খুলিব পৰা নাছিল । ইয়াৰ পিছত তেওঁ একেৰাহে দুখন মেচত ১২ আৰু ১৪ ৰান সংগ্ৰহ কৰে । আনহাতে, অ’পেনাৰ হিচাপে দায়িত্ব লোৱা সঞ্জুৰ পৰা এনে পৰিস্থিতিত ভাল আৰম্ভণি আশা কৰা হয় যদিও এইগৰাকী বিস্ফোৰক বেটছমেনো ব্যৰ্থ হয় ।
সঞ্জুৱে একে শৈলীতে একেৰাহে আউট হোৱা পৰিলক্ষিত হৈছে । এই দুৰ্বলতা তেওঁ উন্নত কৰিব লাগিব । শৃংখলাৰ প্ৰথমখন মেচত ২৬ ৰান সংগ্ৰহ কৰিছিল সঞ্জুৱে । কিন্তু তাৰ পিছত একেৰাহে দুয়োখন মেচতে মাত্ৰ ৫ আৰু ৩ ৰানহে সংগ্ৰহ কৰিছে তেওঁ । ক্ৰিকেট অনুৰাগীয়ে পৰৱৰ্তী মেচত দুয়োৰে পৰা ডাঙৰ স্ক’ৰ আশা কৰিছে ।