ইতিহাস ৰচনা কৰিলে যশপ্ৰীত বুমৰাহে...

ইতিহাস ৰচনা কৰিলে যশপ্ৰীত বুমৰাহে…আই চি চিৰ এই বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় বেগী বলাৰ

ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহে পুনৰ এবাৰ ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে তেওঁক ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰিছে । অহা মাহত পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ খেলিব ভাৰতীয় দলটোৱে । তাৰ পূৰ্বেই এই ভাল

ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহে পুনৰ এবাৰ ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে তেওঁক ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰিছে । অহা মাহত পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ খেলিব ভাৰতীয় দলটোৱে । তাৰ পূৰ্বেই এই ভাল খবৰ প্ৰকাশ পাইছে ।

২০২৪ চনত টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰিছিল যশপ্ৰীত বুমৰাহে । তেওঁ মুঠ ১৩খন টেষ্ট মেচ খেলি ১৪.৯২ গড়ে ৭১টা উইকেট দখল কৰিছে । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ত ৩২টা উইকেটেৰে সৰ্বাধিক উইকেট দখল কৰিছিল বুমৰাহে ।

ঘৰ-বিদেশৰ খেলপথাৰত শক্তিশালী প্ৰদৰ্শন-

এই প্ৰদৰ্শনৰ ভিত্তিত আই চি চিয়ে বুমৰাহক বছৰৰ শ্ৰেষ্ঠ পুৰুষৰ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰে । ঘৰুৱা আৰু বিপক্ষ দুয়োটা দলৰ খেলপথাৰতে নিজকে প্ৰমাণ কৰি দেখুৱাইছে বুমৰাহে । ঘৰুৱা খেলপথাৰত ইংলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলা জয় কৰাৰ ক্ষেত্ৰত এই সোঁহাতৰ বেগী বলাৰগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

ইয়াৰ উপৰিও তেওঁ বিদেশৰ মাটিত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল । অৱশ্যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাত পৰাজয়ৰ সন্মুখীন হয় । কিন্তু এই ৫খন মেচৰ টেষ্ট শৃংখলাত বুমৰাহে সৰ্বাধিক ৩২টা উইকেট দখল কৰে ।

ইতিহাস সৃষ্টি কৰিলে বুমৰাহে-

বুমৰাহে এই কৃতিত্ব অৰ্জন কৰা অৰ্থাৎ বছৰৰ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হোৱা ষষ্ঠজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে । তেওঁৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছে ৰাহুল দ্ৰাবিড় (২০০৪), গৌতম গম্ভীৰ (২০০৯), বীৰেন্দ্ৰ ছেহৱাগ (২০১০), ৰবিচন্দ্ৰন অশ্বিন (২০১৬) আৰু বিৰাট কোহলী (২০১৮) ।

এইদৰে ৬ বছৰৰ পাছত এই বঁটা পুনৰবাৰ দেশলৈ ঘূৰি আহিছে । ২০১৮ চনত শেষবাৰৰ বাবে এই খিতাপ দখল কৰিছিল কোহলীয়ে । বুমৰাহে এই সন্মান লাভ কৰাৰ লগে লগে ভাৰতে অষ্ট্ৰেলিয়াৰ সৈতে সমতা স্থাপন কৰিছে । দুয়োখন দেশে ৬ বাৰকৈ এই বঁটা লাভ কৰিছে । লগতে কেংগাৰুৰ বেটছমেন ষ্টিভ স্মিথ (২০১৫, ২০১৭) একমাত্ৰ ক্ৰিকেটাৰ যিয়ে নিজৰ কেৰিয়াৰত দুবাৰকৈ এই খিতাপ দখল কৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ