ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহে পুনৰ এবাৰ ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে তেওঁক ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰিছে । অহা মাহত পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ খেলিব ভাৰতীয় দলটোৱে । তাৰ পূৰ্বেই এই ভাল খবৰ প্ৰকাশ পাইছে ।
২০২৪ চনত টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰিছিল যশপ্ৰীত বুমৰাহে । তেওঁ মুঠ ১৩খন টেষ্ট মেচ খেলি ১৪.৯২ গড়ে ৭১টা উইকেট দখল কৰিছে । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ত ৩২টা উইকেটেৰে সৰ্বাধিক উইকেট দখল কৰিছিল বুমৰাহে ।
One name shines the brightest amongst a glittering list of nominees 💎
— ICC (@ICC) January 27, 2025
Head here to know the winner ➡️ https://t.co/GnpFoJDs0g pic.twitter.com/lgsn7mH8uf
ঘৰ-বিদেশৰ খেলপথাৰত শক্তিশালী প্ৰদৰ্শন-
এই প্ৰদৰ্শনৰ ভিত্তিত আই চি চিয়ে বুমৰাহক বছৰৰ শ্ৰেষ্ঠ পুৰুষৰ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰে । ঘৰুৱা আৰু বিপক্ষ দুয়োটা দলৰ খেলপথাৰতে নিজকে প্ৰমাণ কৰি দেখুৱাইছে বুমৰাহে । ঘৰুৱা খেলপথাৰত ইংলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলা জয় কৰাৰ ক্ষেত্ৰত এই সোঁহাতৰ বেগী বলাৰগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
ইয়াৰ উপৰিও তেওঁ বিদেশৰ মাটিত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল । অৱশ্যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাত পৰাজয়ৰ সন্মুখীন হয় । কিন্তু এই ৫খন মেচৰ টেষ্ট শৃংখলাত বুমৰাহে সৰ্বাধিক ৩২টা উইকেট দখল কৰে ।
ইতিহাস সৃষ্টি কৰিলে বুমৰাহে-
বুমৰাহে এই কৃতিত্ব অৰ্জন কৰা অৰ্থাৎ বছৰৰ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হোৱা ষষ্ঠজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে । তেওঁৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছে ৰাহুল দ্ৰাবিড় (২০০৪), গৌতম গম্ভীৰ (২০০৯), বীৰেন্দ্ৰ ছেহৱাগ (২০১০), ৰবিচন্দ্ৰন অশ্বিন (২০১৬) আৰু বিৰাট কোহলী (২০১৮) ।
এইদৰে ৬ বছৰৰ পাছত এই বঁটা পুনৰবাৰ দেশলৈ ঘূৰি আহিছে । ২০১৮ চনত শেষবাৰৰ বাবে এই খিতাপ দখল কৰিছিল কোহলীয়ে । বুমৰাহে এই সন্মান লাভ কৰাৰ লগে লগে ভাৰতে অষ্ট্ৰেলিয়াৰ সৈতে সমতা স্থাপন কৰিছে । দুয়োখন দেশে ৬ বাৰকৈ এই বঁটা লাভ কৰিছে । লগতে কেংগাৰুৰ বেটছমেন ষ্টিভ স্মিথ (২০১৫, ২০১৭) একমাত্ৰ ক্ৰিকেটাৰ যিয়ে নিজৰ কেৰিয়াৰত দুবাৰকৈ এই খিতাপ দখল কৰিছে ।