ভাৰতে দেওবাৰে (২৬ জানুৱাৰী, ২০২৫) উদযাপন কৰে দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস । গণৰাজ্য দিৱস উদযাপনৰ সময়ত দিল্লীৰ কৰ্তব্য পথত পেৰেড আৰু এয়াৰ শ্ব’ৰ আয়োজন কৰা হয় । পেৰেডৰ সময়ত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১৬টা প্ৰতীকপট দেখা গৈছিল । ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগ আৰু সংগঠনৰ ১৫টা প্ৰতীকপটেও পেৰেডত অংশগ্ৰহণ কৰে ।
এইবাৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে প্ৰথমবাৰৰ বাবে কেইবাটাও বস্তু দেখা গ’ল । ইয়াৰ ভিতৰত ৰাষ্ট্ৰপতিক চেল্যুট দিয়া প্ৰথমগৰাকী মহিলা বিষয়া, তিনিওটা সেনাবাহিনীৰ প্ৰতীকপট, প্ৰলয় মিছাইল আৰু ইণ্ডোনেছিয়াৰ সামৰিক দল ।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অভিবাদন জনোৱা প্ৰথমগৰাকী মহিলা বিষয়া-
এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত কেপ্তেইন ডিম্পল সিং ভাটি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অভিবাদন জনোৱা প্ৰথমগৰাকী মহিলা সেনা বিষয়া হিচাপে পৰিগণিত হয় । কেপ্তেইন ডিম্পল সিং ভাটিৰ চেলুটিং শৈলী একেবাৰে বেলেগ আছিল । চলন্ত মটৰ চাইকেলত ১২ ফুট উচ্চতাৰ জখলাত উঠি ৰাষ্ট্ৰপতিক চেলুট দিয়ে তেওঁ । মটৰ চাইকেলত নিজৰ উৎকৃষ্ট ভাৰসাম্যতাৰে তেওঁ জনপ্ৰিয়ভাৱে দ্য ডেয়াৰ ডেভিলছ নামেৰে পৰিচিত ভাৰতীয় সেনাৰ চিগনেল কৰ্পছৰ সাহসৰ সাৰ্থক ৰূপ দাঙি ধৰিছিল ।
প্ৰলয় মিছাইল-
থলুৱাভাৱে নিৰ্মিত হস্ৰ দূৰত্বৰ হাল্ফ বেলিষ্টিক ক্ষেপণাস্ত্ৰ প্ৰলয়ো গণৰাজ্য দিৱসৰ পেৰেডৰ সময়ত প্ৰদৰ্শন কৰা হয় । সেনা আৰু বায়ুসেনাৰ বাবে নিৰ্মিত এই ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বাবে ডিজাইন কৰা হৈছে ।
তিনিটা সেনাৰ প্ৰতীকপট-
প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস উপলক্ষে তিনিওটা সেনাই প্ৰতীকপট উলিয়াই সশস্ত্ৰ বাহিনীৰ মাজত ঐক্যৰ মনোভাৱ প্ৰদৰ্শন কৰে । সশস্ত্ৰ বাহিনীয়ে প্ৰদৰ্শন কৰা প্ৰতীকপটৰ বিষয়বস্তু আছিল ‘শক্তিশালী আৰু নিৰাপদ ভাৰত’ । ইয়াত থলুৱা অৰ্জুন যুদ্ধ টেংক, তেজছ যুদ্ধ বিমান আৰু উন্নত লঘু হেলিকপ্টাৰেৰে স্থল, জল আৰু আকাশী অভিযান প্ৰদৰ্শন কৰা হৈছিল ।
ইণ্ডোনেছিয়ান কন্টিজেণ্ট-
গণৰাজ্য দিৱস উপলক্ষে ইণ্ডোনেছিয়াৰ ৩৫২ জনীয়া মাৰ্চিং দলেও অংশগ্ৰহণ কৰে । পেৰেডৰ সময়ত ইণ্ডোনেছিয়াৰ অংশগ্ৰহণ ঐতিহাসিক আছিল কাৰণ ভাৰতীয় গণৰাজ্য দিৱস উদযাপনত তেওঁলোকে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল । ইণ্ডোনেছিয়াৰ সামৰিক বেণ্ড আৰু এনচেম্বলে প্ৰথমবাৰৰ বাবে দেশৰ বাহিৰত অনুষ্ঠান পৰিৱেশন কৰিছে ।