ৰঞ্জী ট্ৰফী ২০২৪-২৫ৰ এখন খেলত ইতিহাস সৃষ্টি কৰিছে জম্মু-কাশ্মীৰে । দলটোৱে ডিফেণ্ডিং চেম্পিয়ন তথা শক্তিশালী মুম্বাইক পৰাস্ত কৰি অভিলেখ সৃষ্টি কৰিছে । এই খেলখনত অজিংক্য ৰাহানেৰ অধিনায়কত্বত থকা মুম্বাই দলটোৱে ৫ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । ইফালে মুম্বাই দলত ৰোহিত শৰ্মা আৰু শ্ৰেয়াছ আয়াৰৰ দৰে বহু তাৰকা খেলুৱৈ আছিল । তাৰ পিছতো দলটোৱে ৰুধিব নোৱাৰিলে পৰাজয় । আনহাতে, পৰশ ডোগ্ৰাৰ অধিনায়কত্বত থকা জম্মু-কাশ্মীৰে শক্তিশালী প্ৰদৰ্শন কৰি জয়লাভ কৰে ।
জম্মু-কাশ্মীৰৰ হৈ যুধবীৰ সিঙে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । তেওঁক ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে ঘোষণা কৰা হয় । মুম্বাইৰ প্ৰথম ইনিংছত যুধবীৰে ৮.২ অভাৰত বলিং কৰে । এই সময়ছোৱাত তেওঁ ৩১ ৰানত ৪টা উইকেট দখল কৰে । ইয়াৰ লগতে দ্বিতীয় ইনিংছত ৩টা উইকেট দখল কৰে তেওঁ । দ্বিতীয় ইনিংছত যুধবীৰে ১৫ অভাৰত বলিং কৰি ৬৪ ৰান দিয়ে । লগতে দলৰ হৈ কিছু ৰান সংযোজন কৰে । যুধবীৰে প্ৰথম ইনিংছত ২০ ৰান সংগ্ৰহ কৰে ।
ৰোহিত-ৰহানে-আয়াৰকে ধৰি ব্যৰ্থ বহু তাৰকা-
প্ৰথম ইনিংছত ১২০ ৰান সংগ্ৰহ কৰি অল আউট হয় মুম্বাই দল । এই সময়ত তাৰকা বেটছমেন ৰোহিত শৰ্মা মাত্ৰ ৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । বিস্ফোৰক বেটছমেন যশস্বী জয়ছোৱালে ৪ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । আনহাতে ৰাহানে ১২ ৰান সংগ্ৰহ কৰি আউট হয় আৰু আয়াৰে ১১ ৰান সংগ্ৰহ কৰি নিজৰ উইকেট বিসৰ্জন দিয়ে । শ্বাৰ্দুল ঠাকুৰে ৫১ ৰানৰ বৰঙণি আগবঢ়ায় । দ্বিতীয় ইনিংছত দলটোৱে ২৯০ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত শ্বাৰ্দুলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এই ইনিংছত তেওঁ ১১৯ ৰান সংগ্ৰহ কৰে । আনহাতে তনুষ কোটিয়ানে ৬২ ৰান সংগ্ৰহ কৰে । ইয়াৰ বাহিৰে মুম্বাইৰ আন কোনো বেটছমেনে ভাল প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় ।
ঐতিহাসিক বিজয় সাব্যস্ত কৰে জম্মু-কাশ্মীৰে-
এয়া জম্মু-কাশ্মীৰৰ বাবে এক ঐতিহাসিক জয় । দলটোৱে এই মেচত ডিফেণ্ডিং চেম্পিয়ন মুম্বাইক পৰাস্ত কৰে । দলটোৱে প্ৰথম ইনিংছত ২০৬ ৰান সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত শুভম খাজুৰিয়াই ৫৩ ৰান সংগ্ৰহ কৰে । আদীব মুস্তাকে ৪৪ ৰানৰ বৰঙণি আগবঢ়ায় । ইয়াৰ পাছত দ্বিতীয় ইনিংছত ৫টা উইকেট হেৰুৱাই ২০৭ ৰান সংগ্ৰহ কৰি জয়লাভ কৰে দলটোৱে । জম্মু-কাশ্মীৰৰ হৈ দ্বিতীয় ইনিংছত অপৰাজিত ৩২ ৰান সংগ্ৰহ কৰে মুস্তাকে ।