‘কেৱল সচেতন ভোটাৰেহে গণতন্ত্ৰক শক্তিশালী কৰে'...ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ কাৰ্যসূচীত ক’লে ৰাষ্ট্ৰপতিয়ে

‘কেৱল সচেতন ভোটাৰেহে গণতন্ত্ৰক শক্তিশালী কৰে’…ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ কাৰ্যসূচীত ক’লে ৰাষ্ট্ৰপতিয়ে

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে কয় যে ভোটাৰসকলে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰাৰ সময়ত সংকীৰ্ণতা, ভেদভাৱ আৰু প্ৰলোভনৰ উৰ্ধত উঠিবলৈ দৃঢ় সংকল্প ল’ব লাগিব আৰু গণতন্ত্ৰৰ ওপৰতো বিশ্বাস থাকিব লাগিব । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সচেতন ভোটাৰেহে গণতন্ত্ৰক শক্তিশালী কৰে । অনুষ্ঠানত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল,

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে কয় যে ভোটাৰসকলে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰাৰ সময়ত সংকীৰ্ণতা, ভেদভাৱ আৰু প্ৰলোভনৰ উৰ্ধত উঠিবলৈ দৃঢ় সংকল্প ল’ব লাগিব আৰু গণতন্ত্ৰৰ ওপৰতো বিশ্বাস থাকিব লাগিব । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সচেতন ভোটাৰেহে গণতন্ত্ৰক শক্তিশালী কৰে । অনুষ্ঠানত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু এছ এছ সন্ধুও উপস্থিত থাকে ।

নিৰ্বাচন আয়োগক প্ৰশংসা কৰে ৰাষ্ট্ৰপতিয়ে-

পঞ্চদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিৰ্বাচন প্ৰক্ৰিয়া উন্নত আৰু অধিক স্বচ্ছ কৰি তুলিবলৈ নতুন প্ৰযুক্তি আৰু শেহতীয়া ছফ্টৱেৰ ব্যৱহাৰ কৰাৰ বাবে নিৰ্বাচন আয়োগক প্ৰশংসা কৰে । ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁ নিশ্চিত যে ভাৰতীয় গণতন্ত্ৰই বিশ্ব সম্প্ৰদায়ৰ বাবে উদাহৰণ স্থাপন কৰি যাব । ৰাষ্ট্ৰপতিয়ে কয় যে এইটো আমাৰ বাবে গৌৰৱৰ বিষয় যে আমাৰ গণতন্ত্ৰ কেৱল সৰ্ববৃহৎ গণতন্ত্ৰই নহয়, আটাইতকৈ পুৰণি গণতন্ত্ৰসমূহৰ ভিতৰত এক ।

‘সচেতন ভোটাৰেহে গণতন্ত্ৰক শক্তিশালী কৰে’

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ‘গণতন্ত্ৰৰ ওপৰত বিশ্বাস থকাৰ উপৰিও ভোটাৰসকলে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰাৰ সময়ত সংকীৰ্ণ মনোভাৱ, বৈষম্য আৰু প্ৰলোভনৰ ওপৰলৈ উঠি যোৱাৰ দৃঢ়তা থাকিব লাগিব । সচেতন ভোটাৰেহে গণতন্ত্ৰক শক্তিশালী কৰিব পাৰে । ভাৰত গণৰাজ্য হোৱাৰ এদিন পূৰ্বে ১৯৫০ চনৰ ২৫ জানুৱাৰীত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল । ভোটাৰক ভোটাধিকাৰৰ বিষয়ে সজাগ কৰাৰ লক্ষ্যৰে বিগত ১৫ বছৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰি অহা হৈছে ।

শেহতীয়া প্ৰৱন্ধসমূহ