গোলাঘাটৰ মৰঙিৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শলমাৰি গাঁৱত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। AS 05 J 7888 নম্বৰৰ এখন I 20 বাহন আৰু AS 05 AC 4672 নম্বৰৰ বালি কঢ়িওৱা ট্ৰাকৰ সৈতে মুখামুখী সংঘৰ্ষ হয়।
দুৰ্ঘটনাটোত ৬ জনকৈ লোক গুৰুত্বৰভাৱে আহত হয়। তাৰে তিনিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে কমাৰগাঁৱত কন্যা থৈ উভতি আহি আছিল I 20 বাহন খন ।
আহত সকলক স্থানীয় লোকৰ সহায়ত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈছে।