ছাৰা আলী খান বৰ্তমান তেওঁৰ পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বাবে শিৰোনামত আছে।হিন্দু ধৰ্মৰ ওপৰত বিশেষ বিশ্বাস থকা ছাৰাক যোৱা বছৰ মডেল-অভিনেতা অৰ্জুন প্ৰতাপ বাজৱাৰ সৈতে কেদাৰনাথত দেখা গৈছিল।
ইয়াৰ পিছত, তেওঁলোক দুয়োৰে পোষ্টটো ভাইৰেল হয়।যাৰ বাবে তেওঁলোক দুয়োৰে ডেটিঙৰ বাতৰিও চৰ্চা লাভ কৰিছিল। অনুৰাগীসকলৰ মনত একমাত্ৰ প্ৰশ্নটো হ’ল দুয়োজন সম্পৰ্কত আছে নেকি?

শেহতীয়াকৈ, অৰ্জুন প্ৰতাপ বাজৱাই নিজেই এই প্ৰশ্নবোৰৰ উত্তৰ দিছিল আৰু এই বাতৰিবোৰ স্পষ্ট কৰিছিল। শেহতীয়া এটা সাক্ষাৎকাৰত , অৰ্জুনে কৈছিল যে তেওঁ এনে আলোচনাত আমনি নাপায়।”
“কথা পতাটো মানুহৰ কাম। মই মোৰ কামত মনোনিবেশ কৰোঁ। এইটো মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়।” তেওঁ এই বাতৰিবোৰ সম্পূৰ্ণ ভিত্তিহীন বুলি বৰ্ণনা কৰিছিল”।
ছাৰা আৰু অৰ্জুনৰ সম্পৰ্কৰ আলোচনা ২০২৪ চনৰ অক্টোবৰত আৰম্ভ হৈছিল। যেতিয়া দুয়োকে কেদাৰনাথত একেলগে দেখা গৈছিল।
কেদাৰনাথৰ পিুছত ছাৰা আৰু অৰ্জুনে তেওঁলোকৰ সামাজিক মাধ্যমত কিছুমান পোষ্ট শ্বেয়াৰ কৰিছিল, যাৰ পৰা অনুমান কৰা হৈছিল যে দুয়ো একেলগে ৰাজস্থানত ছুটি উপভোগ কৰি আছে, যাৰ পিছত তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে অধিক আলোচনা হৈছিল।