প্ৰায় এটা দশকৰ ব্যৱধানৰ অন্তত ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মাই পুনৰ ৰঞ্জী ট্ৰফীলৈ উভতি আহিছে । আজিৰে পৰা (বৃহস্পতিবাৰ) মুম্বাইৰ বিকেচি খেলপথাৰত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে খেলিছে মুম্বাই দলে । এই সময়ছোৱাত সকলোৰে দৃষ্টি ৰোহিত আৰু যশস্বী জয়ছোৱালৰ ওপৰত আছিল । বুধবাৰে নিশা কলকাতা টি-২০ত ভাৰতীয় দলৰ বিস্ফোৰক প্ৰদৰ্শনত অনুৰাগীসকল উত্তেজিত হৈ থকাৰ বিপৰীতে পিছদিনা পুৱা অৰ্থাৎ বৃহস্পতিবাৰে তেওঁলোক হতাশ হৈ পৰে । দৰাচলতে ঘৰুৱা ক্ৰিকেটত হাত উজান দিবলৈ অহা টিম ইণ্ডিয়াৰ এদিনীয়া আৰু টেষ্টৰ অধিনায়ক ৰোহিত শৰ্মাৰ ব্যৰ্থতাৰ ধাৰা অব্যাহত থকা পৰিলক্ষিত হয় ।
মুম্বাই আৰু জম্মু-কাশ্মীৰৰ মাজত অনুষ্ঠিত হোৱা ৰঞ্জি ট্ৰফী মেচখনত মুম্বাইৰ অধিনায়ক অজিংক্য ৰাহানেই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । মেচখনত ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱাল দুয়োজনেই ব্যৰ্থ হয় । আকিব নবীৰ বলত এল বি ডব্লিউ হৈ ব্যক্তিগত ৪ ৰাণত পেভিলিয়নমুখী হয় যশস্বী । ৰোহিত শৰ্মাইও ব্যক্তিগত ৩ ৰাণ সংগ্ৰহ কৰি পৰশ ডোগ্ৰাৰ হাতত ওমৰ নজীৰৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে । উল্লেখ্য যে, ৰোহিত শৰ্মাই ৯ বছৰ ৩ মাহৰ পিছত ৰঞ্জিত খেলিবলৈ আহিছে ।
৩৭ বছৰীয়া ৰোহিতে বিগত কেইমাহমানৰ পৰা ডাঙৰ ইনিংছ খেলিব পৰা নাই । নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা মাটিত টেষ্ট শৃংখলাত আৰু অষ্ট্ৰেলিয়া ভ্ৰমণত হোৱা তীব্ৰ পৰাজয়ৰ পিছত তেওঁ সমালোচনাৰ সন্মুখীন হৈছে । যোৱা অষ্ট্ৰেলিয়া ভ্ৰমণত ৰোহিতে ৩খন টেষ্টৰ ৫টা ইনিংছত মাত্ৰ ৩১ ৰানহে কৰিবলৈ সক্ষম হৈছিল ।
জম্মু-কাশ্মীৰৰ বিৰুদ্ধে এইখন খেল এই ছিজনত ৰোহিতৰ বাবে একমাত্ৰ মেচ হ’ব পাৰে । কাৰণ ৰোহিতে ৬ ফেব্ৰুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া খেলৰ এদিনীয়া শৃংখলাত আৰু তাৰ পিছত চেম্পিয়নছ ট্ৰফীত ভাৰতৰ অধিনায়কত্ব কৰিব ।
জম্মু-কাশ্মীৰৰ বিৰুদ্ধে মাত্ৰ ১৯টা বলহে খেলে হিটমেনে-
ৰঞ্জী ট্ৰফীত কামবেক কৰা ৰোহিত শৰ্মাই মুম্বাইৰ হৈ নিজৰ ইনিংছত মাত্ৰ ১৯টা বলহে খেলিবলৈ সক্ষম হয় । ৰোহিতে মিডউইকেটৰ ওপৰেৰে জম্মু-কাশ্মীৰৰ বেগী বলাৰ উমৰ নাজিৰ মিৰৰ বল খেলিবলৈ চেষ্টা কৰিছিল যদিও বলটো অফ চাইডলৈ যায় । বিৰোধী দলৰ অধিনায়ক পৰশ ডোগ্ৰাই মিড অফৰ পৰা বাওঁফালে কেইগজমান দৌৰি অতিৰিক্ত কভাৰৰ ফালে গৈ এটা মূল্যৱান কেচ লয় ।
২০১৫ চনত শেষবাৰৰ বাবে ৰঞ্জী ক্ৰিকেট খেলিছিল ৰোহিতে-
ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক শেষবাৰৰ বাবে ২০১৫ চনত (৭ৰ পৰা ১০ নৱেম্বৰলৈ) ৰঞ্জী ক্ৰিকেট খেলি থকা দেখা গৈছিল । তাৰ পিছত ৱাংখেড়ে ষ্টেডিয়ামত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে ৰোহিতে ১১৩ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল । ৰোহিতে এতিয়ালৈকে ১২৮ খন প্ৰথম শ্ৰেণীৰ মেচত ৯২৯০ ৰান সংগ্ৰহ কৰিছে, ইয়াত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ৩০৯* । ইয়াৰ উপৰিও বলিং কৰাৰ সময়ত প্ৰথম শ্ৰেণীৰ মেচত ২৪টা উইকেটো দখল কৰিছে ৰোহিতে ।