আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰাৰ লগে লগে ড’নাল্ড ট্ৰাম্পে ল’লে কেইবাটাও ডাঙৰ সিদ্ধান্ত । তেওঁ বাইডেন চৰকাৰৰ ৭৮টা সিদ্ধান্ত বাতিল কৰে ।
২০২১ চনৰ ৬ জানুৱাৰীত কেপিটেল হিলত সংঘটিত আক্ৰমণৰ বাবে দোষী ১৫০০ লোকক ক্ষমা কৰাৰ পৰা আৰম্ভ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰালৈকে বহু গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত লোৱা ল’লে ট্ৰাম্পে ।
উল্লেখযোগ্য যে ট্ৰাম্পে আমেৰিকাত জন্মগত অধিকাৰৰ নাগৰিকত্বৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লৈছেন । আমেৰিকাৰ প্ৰব্ৰজন নীতিত এক বৃহৎ পৰিৱৰ্তন কৰা হ’ব । ইয়াৰ ফলত আমেৰিকাত থকা লাখ লাখ শিশুৰ নাগৰিকত্বত প্ৰভাৱ পৰিব, যিসকলৰ জন্ম হয়তো আমেৰিকাত হৈছে, কিন্তু তেওঁলোকৰ পিতৃ-মাতৃ ৱৰ্ক ভিছাত দেশখনত আছে ।
দৰাচলতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ চতুৰ্দশ সংশোধনী অনুসৰি আমেৰিকাৰ মাটিত জন্ম লোৱা শিশু স্বয়ংক্ৰিয়ভাৱে আমেৰিকাৰ নাগৰিক হৈ পৰে । ক্ৰমাৎ বৰ্ধিত সংখ্যক পিতৃ-মাতৃয়ে নিজৰ সন্তান জন্ম দিবলৈ আমেৰিকালৈ প্ৰব্ৰজন কৰিছে । ইয়াক জন্ম পৰ্যটন বোলা হয় ।
আদেশত কি ক’লে ট্ৰাম্পে ?
এই আদেশত উল্লেখ কৰা হৈছে যে আমেৰিকাত জন্মগ্ৰহণ কৰা সেই শিশুসকলকহে আমেৰিকাৰ নাগৰিকত্ব প্ৰদান কৰা হ’ব, যাৰ এজন পিতৃ-মাতৃ আমেৰিকান নাগৰিক বা তেওঁলোকৰ কোনো এজনৰ গ্ৰীণ কাৰ্ড আছে ।
ভাৰত আৰু চীনত পৰিব পাৰে ইয়াৰ প্ৰভাৱ-
দৰাচলতে ভাৰত আৰু চীনৰ পৰা অহা বৃহৎ সংখ্যক লোকে এইচ-১বি ভিছা লৈ আমেৰিকাত বাস কৰে । ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্তই আমেৰিকাত বাস কৰা ভাৰতীয় পেছাদাৰীসকলৰ জীৱনত প্ৰভাৱ পেলাব ।
তথ্য অনুসৰি আমেৰিকাত ৪৮ লাখতকৈ অধিক ভাৰতীয় বাস কৰে, ইয়াৰে এক বৃহৎ অংশ জন্মগত নাগৰিকত্ব লাভ কৰাসকল । আমেৰিকাত এইচ-১বি ভিছাত কাম কৰা লোকসকলৰ বাবে পৰিয়াল পৰিকল্পনা এক ডাঙৰ সমস্যা হৈ পৰিব ।