মহানগৰীৰৰ আনন্দ নগৰৰ এপাৰ্টমেণ্টত চি এম ভিজিলেঞ্চৰ অভিযান। পুৱা ৬ বজাৰ পৰা চি এম ভিজিলেঞ্চে চলাই আছে অভিযান।
দৰাচলতে কোকৰাঝাৰৰ CDPO সূৰ্য বৰুৱাই আয়বৰ্হিভূত ভাৱে গঢ়িছিল সম্পত্তি।চি এম ভিজিলেঞ্চৰ অভিযানত CDPO সূৰ্য বৰুৱাৰ ঘৰত উঠিছে টকাৰ উজান।লাখ লাখ টকা জব্দ কৰিছে চি এম ভিজিলেঞ্চে।
CDPO সূৰ্য বৰুৱাৰ নগদ ধন গণি গণি ভাগৰি পৰিছে চি এম ভিজিলেঞ্চৰ দল। যাৰ বাবে টকা গণিবলৈ অনা হৈছে ২টাকৈ মেছিন। ১০ ৰ পৰা ১৫ জনীয়া ভিজিলেঞ্চৰ দলে CDPO সূৰ্য বৰুৱাৰ বাসগৃহত চলাইচে মাৰাথন অভিযান।