ইজৰাইল আৰু গাজাৰ যুদ্ধ বিৰতিৰ আলোচনা চলি থকাৰ মাজতে ইজৰাইলে গাজাত চলাইছে ধ্বংস যজ্ঞ। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে দাবী কৰিছিল যে যুদ্ধবিৰতি চুক্তি ঘোষণাৰ পিছত ইজৰাইলৰ আক্ৰমণত কমেও ৭২ জন লোক নিহত হৈছে।
পূৰ্বৰ সংঘৰ্ষবোৰত, দুয়োপক্ষই তেওঁলোকৰ শক্তি প্ৰদৰ্শনৰ খাতিৰত যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পূৰ্বে সামৰিক পদক্ষেপ তীব্ৰতৰ কৰি তুলিছিল।
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছিল যে বৃহস্পতিবাৰৰ আক্ৰমণৰ পিছত গাজা চহৰৰ দুখন চিকিৎসালয়লৈ অনা মৃতদেহৰ বাবেহে এই পৰিসংখ্যা আছিল, প্ৰকৃত সংখ্যা আৰু অধিক হ’ব পাৰে।
মন্ত্ৰালয়ৰ পঞ্জীয়ন বিভাগৰ মুৰব্বী জাহিৰ আল-ৱাহিদীয়ে কয়, “কালিএটা ৰক্তক্ষয়ী দিন আছিল আৰু আজি আৰু অধিক ৰক্তক্ষয়ী হ’ব পাৰে। ’’
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে কৈছিল যে তেওঁৰ কেবিনেটে যুদ্ধবিৰতি চুক্তিত মোহৰ লগাবলৈ তেতিয়ালৈকে বৈঠক নহব যেতিয়া লৈকে হামাছে “শেষ মুহূৰ্তত সৃষ্টি কৰা সংকট” সমাপ্ত নকৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু মুখ্য মধ্যস্থতাকাৰী কাটাৰে চুক্তিখন তৈয়াৰ হোৱা বুলি ঘোষণা কৰাৰ কেইঘণ্টা মানপিছত নেতান্যাহুৱে ইংগিত দিবলৈ আৰম্ভ কৰে যে চুক্তিটোত সমস্যা আছে।
বুধবাৰে ঘোষণা কৰা এই চুক্তিয়ে গাজাত বন্দী হৈ থকা বহুলোকক মুক্তি দিব আৰু যুঁজ সমাপ্ত কৰিব বুলি আশা কৰা হৈছে। ১৫ মাহৰ যুদ্ধসমাপ্ত হ’ব। এই যুদ্ধই মধ্য প্ৰাচ্যক অস্থিৰ কৰি তুলিছে।