ফেশ্বন উদ্যোগটো নিৰন্তৰ পৰিৱৰ্তিন হৈ আছে আৰু এই ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ বহুতো ডাঙৰ সুযোগ আছে । যদি আপুনি ফেশ্বন ডিজাইনাৰ হোৱাৰ সপোন দেখিছে, তেন্তে সঠিক কলেজ বাছি লোৱাটোৱেই আপোনাৰ কেৰিয়াৰৰ দিশত প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ । ভাৰতৰ বহু শীৰ্ষ ফেশ্বন ডিজাইনিঙৰ কলেজে আপোনাৰ সপোনক বাস্তৱত পৰিণত কৰিব পাৰে ।
দেশৰ ৫০খনতকৈও অধিক ফেশ্বন ডিজাইনিং কলেজৰ ভিতৰত ৩৬খন ব্যক্তিগত আৰু ১৫খন চৰকাৰী মহাবিদ্যালয় । কিছুমান বিশিষ্ট প্ৰকিষ্ঠান হ’ল- নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (NIFT), পাৰ্ল একাডেমী (Pearl Academy), হুইছলিং উডছ ইণ্টাৰনেশ্যনেল (Whistling Woods International), চিম্বায়’ছিছ ইনষ্টিটিউট অৱ ডিজাইন (Symbiosis Institute of Design) আৰু আৰ্মি ইনষ্টিটিউট অৱ ফেশ্বন এণ্ড ডিজাইন (Army Institute of Fashion and Design) ।
যদি আপুনি দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈ ফেশ্বন ডিজাইনিঙৰ ক্ষেত্ৰত নামভৰ্তি কৰিব বিচাৰে তেন্তে আপুনি NIFT Entrance Exam, Pearl Academy Entrance Exam আদি প্ৰৱেশ পৰীক্ষা দিব লাগিব । ভাৰতৰ শীৰ্ষ ফেশ্বন ডিজাইনিং কলেজৰ বিষয়ে বিতংভাৱে জানক-
নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (NIFT)-
স্থানঃ নতুন দিল্লী
প্ৰতিষ্ঠা: ১৯৮৬ চন
মাচুলঃ ৬৪,৯০০ টকাৰ পৰা ১২.৩৪ লাখ টকা
ভাৰতৰ ফেশ্বন ডিজাইন অধ্যয়নৰ বাবে এই প্ৰতিষ্ঠানক সৰ্বোত্তম প্ৰতিষ্ঠান বুলি গণ্য কৰা হয় । এই প্ৰতিষ্ঠানটো ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত আছে । ইয়াত BDes (Bachelor of Design), BFTech (Bachelor of Fashion Technology), MDes (Master of Design) আৰু MFM (Master of Fashion Management) আদি পাঠ্যক্ৰম অধ্যয়নৰ সুবিধা আছে ।
NIFTত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । NIFTৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ’ল ইয়াৰ সমগ্ৰ দেশতে ১৮টা কেম্পাছ আছে, যিবোৰ মুম্বাই, চেন্নাই, পাটনা, গান্ধীনগৰ, বেংগালুৰু, হায়দৰাবাদ আৰু কলকাতাৰ দৰে চহৰত অৱস্থিত ।
পাৰ্ল একাডেমী-
স্থানঃ মুম্বাই
প্ৰতিষ্ঠা: ১৯৯৩ চন
মাচুলঃ ২২.১৬ লাখৰ পৰা ২৯.৯৪ লাখ টকা
পাৰ্ল একাডেমী হৈছে ফেশ্বন ডিজাইনৰ ক্ষেত্ৰত ব্যক্তিগত প্ৰতিষ্ঠান । ইয়াত ইউ জি (স্নাতক), পি জি (স্নাতকোত্তৰ) আৰু পেছাদাৰী প্ৰমাণপত্ৰৰ পাঠ্যক্ৰম অনুষ্ঠিত হয় । ইয়াত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে পাৰ্ল একাডেমীৰ প্ৰৱেশ পৰীক্ষা দিব লাগিব, তাৰ পিছত তেওঁলোকে ব্যক্তিগত সাক্ষাৎকাৰ আৰু পৰ্টফলিঅ’ উপস্থাপনৰ ৰাউণ্ডৰ মাজেৰে যাব লাগিব ।
পাঠ্যক্ৰম-
– BDes in Fashion Design
– MDes in Product Design
– Fashion Styling & Image Design
– Fashion Design for Women’s Wear
চিম্বায়’ছিছ ইনষ্টিটিউট অৱ ডিজাইন, পুনে-
স্থানঃ পুনে
প্ৰতিষ্ঠা: ২০০৪ চন
মাচুলঃ ১৯ লাখ টকা
ভাৰতৰ অন্যতম সন্মানীয় ডিজাইন স্কুল হৈছে চিম্বায়’ছিছ ইনষ্টিটিউট অৱ ডিজাইন । এই প্ৰতিষ্ঠানটো ইউ জি চিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত । ইয়াত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে Symbiosis Entrance Exam for Design (SEED)ত বহিব লাগিব । SEED পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে Portfolio Review and Personal Interaction (PRPI)ৰ ৰাউণ্ডৰ মাজেৰে পাৰ হ’বলগীয়া হয় ।
পাঠ্যক্ৰম-
– BDes in Communication Design
– BDes in Animation Film Design
– BDes in Fashion Design
– BDes in Fashion Communication
আৰ্মি ইনষ্টিটিউট অৱ ফেশ্বন এণ্ড ডিজাইন (AIFD)-
স্থান: বাংগালুৰু
প্ৰতিষ্ঠা: ২০০৪ চন
মাচুলঃ ৬ লাখ টকা
আৰ্মী ৱেলফেয়াৰ এডুকেশ্যন ছ’চাইটিয়ে স্থাপন কৰিছিল আৰ্মি ইনষ্টিটিউট অৱ ফেশ্বন এণ্ড ডিজাইন । এই মহাবিদ্যালয়ৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক ফেশ্বন ডিজাইন আৰু এপাৰেল মেনেজমেণ্টৰ পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰা ।
পাঠ্যক্ৰম-
-BSc in Fashion and Apparel Design
– BSc in Interior Design and Decoration
হুইচলিং উডছ ইণ্টাৰনেশ্যনেল-
স্থানঃ মুম্বাই
প্ৰতিষ্ঠা: ২০০৬ চন
মাচুলঃ ২০ লাখ টকা
হুইছলিং উডছ ইণ্টাৰনেশ্যনেল প্ৰতিষ্ঠা কৰিছিল বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা সুভাষ ঘাইয়ে । এই প্ৰতিষ্ঠানটোৱে ফেশ্বন ডিজাইনৰ ক্ষেত্ৰত চাৰি বছৰীয়া পাঠ্যক্ৰম আগবঢ়ায় ।
ইয়াত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে MECAT (Media & Entertainment Common Aptitude Test), CAT (Creative Aptitude Test), SOP (Statement of Purpose) আৰু Personal Interview ৰ ৰাউণ্ডত উত্তীৰ্ণ হ’ব লাগিব ।