প্ৰথমবাৰৰ বাবে সেনা দিৱসৰ পেৰেডত মহিলা অগ্নিবীৰ দলৰ প্ৰদৰ্শন

প্ৰথমবাৰৰ বাবে সেনা দিৱসৰ পেৰেডত মহিলা অগ্নিবীৰ দলৰ প্ৰদৰ্শন, ৰবটিক সেনাইও কৰিলে অংশগ্ৰহণ

বুধবাৰে মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত ৭৭ সংখ্যক সেনা দিৱসৰ পেৰেড এইবাৰ কিছু অনন্য আৰু আকৰ্ষণীয় দেখা যায় । প্ৰথমবাৰৰ বাবে মহিলা অগ্নিবীৰ দল, নেশ্যনেল কেডেট কৰ্পছৰ মহিলা মাৰ্চিং কনটিজেণ্ট আৰু ৰবটিক সেনাৰ এটা দলে এই পেৰেডত অংশগ্ৰহণ কৰে । এই সময়ছোৱাত সেনাই কিছুমান শেহতীয়া প্ৰযুক্তিৰ জৰিয়তে

বুধবাৰে মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত ৭৭ সংখ্যক সেনা দিৱসৰ পেৰেড এইবাৰ কিছু অনন্য আৰু আকৰ্ষণীয় দেখা যায় । প্ৰথমবাৰৰ বাবে মহিলা অগ্নিবীৰ দল, নেশ্যনেল কেডেট কৰ্পছৰ মহিলা মাৰ্চিং কনটিজেণ্ট আৰু ৰবটিক সেনাৰ এটা দলে এই পেৰেডত অংশগ্ৰহণ কৰে । এই সময়ছোৱাত সেনাই কিছুমান শেহতীয়া প্ৰযুক্তিৰ জৰিয়তে নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰে আৰু উদীয়মান কেডেটসকলেও এই অনুষ্ঠানৰ সময়ত দৃষ্টি আকৰ্ষণ কৰে । বেংগালুৰুৰ কৰ্পছ অৱ মিলিটাৰী পুলিচ (চি এম পি)ত প্ৰশিক্ষণ লৈ থকা এন চি চিৰ গাৰ্ল কেডেট আৰু মহিলা অগ্নিবীৰসকলক অতি সুখী দেখা গৈছিল ।

সেনাবাহিনীৰ দক্ষিণ কমাণ্ডৰ অধীনত থকা পুনেৰ বম্বে ইঞ্জিনিয়াৰিং গ্ৰুপ আৰু চেণ্টাৰত অনুষ্ঠিত হয় এই বাৰ্ষিক পেৰেড । পুনেত প্ৰথমবাৰৰ বাবে এই সন্মানীয় পেৰেড আয়োজন কৰা হয় ।

চোলাপুৰ জিলাৰ অগ্নিবীৰ ঘুগ্ৰে সমীক্ষা বিনোদে কয় যে এইটো আমাৰ বাবে এক বিশেষ দিন । আমি যোৱা নৱেম্বৰ মাহত চি এম পিৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিলো আৰু যোৱা মাহৰ পৰা পেৰেডৰ বাবে অনুশীলন কৰি আহিছো । ইয়াৰ বাবে আমি বহুত কষ্ট কৰিলোঁ । আমি গৌৰৱ অনুভৱ কৰিছো । সকলোৱে আমাক উৎসাহিত কৰিছিল ।

নেনা ৰাৱট আছিল ছোৱালী কেডেটৰ দলটোৰ অধিনায়ক-

গাৰ্ল কেডেটৰ দলটোৰ কমাণ্ডাৰ হৈ থকা নেনা ৰাৱাটে কয় যে আমি গৌৰৱ অনুভৱ কৰিছো । আমি এই পেৰেডত অংশগ্ৰহণ কৰা এন চি চিৰ ছোৱালী কেডেটৰ প্ৰথমটো বেটচ । আন এগৰাকী কেডেট এলিছ কোৱাক্সীয়ে কয় যে গৌৰৱ আৰু ভৱিষ্যৎৰ অনুভূতিয়ে আমাক আৰু অধিক ছোৱালীক এন চি চি আৰু সশস্ত্ৰ বাহিনীত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰিব ।

১২জনীয়া ৰবটিক সেনাৰ এটা দলৰ অংশগ্ৰহণ-

পেৰেডত কেইটামান ৰবটিক সেনাও আছিল । দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰা ১২ জনীয়া ‘ৰবটিক সেনা’ৰ এই দল সেনাবাহিনীৰ আধুনিকীকৰণৰ প্ৰতীক । এই মেচিনসমূহে গধুৰ বোজা তুলিব পৰা আৰু দুৰ্গম অঞ্চলত কাম কৰিব পাৰে ।

পেৰেডৰ বিষয়বস্তু আছিল ‘শক্তিশালী ভাৰত, সক্ষম সেনা’

এইবাৰৰ পেৰেডৰ বিষয়বস্তু আছিল ‘শক্তিশালী ভাৰত, সক্ষম সেনা’, আৰু ইয়াৰ কেন্দ্ৰবিন্দু আছিল সেনাবাহিনীৰ সামৰ্থ্য প্ৰদৰ্শন । পেৰেড খেলপথাৰখন আৰ্মী আৰু চাউদাৰ্ণ কমাণ্ডৰ চিহ্নৰে সজাই পৰাই ‘নাৰী শক্তি’, ‘আত্মনিৰ্ভৰতা’ আদি বিষয়বস্তুৰ পোষ্টাৰো লগোৱা হয় ।

শেহতীয়া প্ৰৱন্ধসমূহ