সমুদ্ৰত নতুন শক্তি লাভ কৰিলে ভাৰতীয় নৌসেনাই, দেশলৈ ৩খন যুদ্ধ জাহাজ উচৰ্গা প্ৰধানমন্ত্ৰী মোদীৰ

সমুদ্ৰত নতুন শক্তি লাভ কৰিলে ভাৰতীয় নৌসেনাই, দেশলৈ ৩খন যুদ্ধ জাহাজ উচৰ্গা প্ৰধানমন্ত্ৰী মোদীৰ

আজি অৰ্থাৎ বুধবাৰে মহাৰাষ্ট্ৰ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৰাজ্যখনৰ মুম্বাই চহৰত উপস্থিত হৈছে তেওঁ । ইয়াত উপস্থিত হোৱাৰ লগে লগে তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হয় । ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে নৌসেনাৰ তিনিখন আগশাৰীৰ যুদ্ধ জাহাজ আই এন এছ চুৰাট, আই এন এছ

আজি অৰ্থাৎ বুধবাৰে মহাৰাষ্ট্ৰ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৰাজ্যখনৰ মুম্বাই চহৰত উপস্থিত হৈছে তেওঁ । ইয়াত উপস্থিত হোৱাৰ লগে লগে তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হয় । ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে নৌসেনাৰ তিনিখন আগশাৰীৰ যুদ্ধ জাহাজ আই এন এছ চুৰাট, আই এন এছ নীলগিৰি আৰু আই এন এছ বাঘশিৰ মুম্বাইৰ নৌ ডকয়াৰ্ডত মুকলি কৰাৰ পিছত দেশৰ বাবে উৎসৰ্গা কৰে । প্ৰতিৰক্ষা উৎপাদন আৰু সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ দিশত তিনিখন গুৰুত্বপূৰ্ণ নৌসেনাৰ যুদ্ধ জাহাজৰ প্ৰৱেশ এক বৃহৎ পদক্ষেপ । মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত আন এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে নৱী মুম্বাইৰ খাৰঘৰত ইস্কন মন্দিৰো উদ্বোধন কৰিব ।

যুদ্ধ জাহাজসমূহ দেশলৈ উৎসৰ্গা কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “ভাৰতৰ সামুদ্ৰিক ঐতিহ্য নৌসেনাৰ গৌৰৱময় ইতিহাস আৰু স্বাৱলম্বী ভাৰত অভিযানৰ বাবে আজি এটা ডাঙৰ দিন । ছাত্ৰপতি শিৱাজী মহাৰাজে নৌসেনাক নতুন শক্তি আৰু দৃষ্টিভংগী প্ৰদান কৰিছিল । আজি তেওঁৰ পবিত্ৰ মাটিত আমি একবিংশ শতিকাৰ নৌসেনাক শক্তিশালী কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ লৈছো ।”

তেওঁ আৰু কয় যে এয়া প্ৰথমবাৰৰ বাবে হৈছে, যেতিয়া এখন বিধ্বংসী জাহাজ, এখন ফ্ৰিগেট আৰু এখন চাবমেৰিন একেলগে কমিচন কৰা হৈছে । তিনিওটা থলুৱাভাৱে নিৰ্মিত হোৱাতো গৌৰৱৰ বিষয় ।

আধুনিক সা-সুবিধাৰে সজ্জিত জাহাজ-

পি ১৫ বি গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ প্ৰজেক্টৰ চতুৰ্থ আৰু শেষ জাহাজ আই এন এছ চুৰাট বিশ্বৰ অন্যতম বৃহৎ আৰু আধুনিক ডেষ্ট্ৰয়াৰ । বিবৃতিটোত কোৱা হৈছে যে ইয়াত ৭৫ শতাংশ থলুৱা প্ৰযুক্তি আছে আৰু ইয়াত অত্যাধুনিক অস্ত্ৰ-চেন্সৰ পেকেজ আৰু উন্নত নেটৱৰ্ককেন্দ্ৰিক ক্ষমতা আছে ।

ভাৰতীয় নৌসেনাৰ ৱাৰশ্বিপ ডিজাইন ব্যুৰোৰ দ্বাৰা ডিজাইন কৰা পি১৭এ ষ্টীলথ ফ্ৰিগেট প্ৰজেক্টৰ প্ৰথমখন জাহাজ আই এন এছ নীলগিৰিৰ উন্নত বৈশিষ্ট্য আছে । P75 Scorpene প্ৰকল্পৰ ষষ্ঠ আৰু চূড়ান্ত চাবমেৰিন INS Vagsheer-এ ভাৰতৰ ছাবমেৰিন নিৰ্মাণৰ ক্ৰমবৰ্ধমান বিশেষজ্ঞতাক প্ৰতিনিধিত্ব কৰে আৰু ফ্ৰান্সৰ নৌসেনা গোটৰ সহযোগত ইয়াক নিৰ্মাণ কৰা হৈছে ।

শেহতীয়া প্ৰৱন্ধসমূহ