অভিলেখ সংখ্যক অনুদান, বিশ্ব আগশাৰীৰ নেতাৰ সমাৱেশ, ভি আই পি পাছ..., বিশাল হ’ব ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠান

অভিলেখ সংখ্যক অনুদান, বিশ্ব আগশাৰীৰ নেতাৰ সমাৱেশ, ভি আই পি পাছ…, বিশাল হ’ব ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠান

২০ জানুৱাৰীত আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বৃহৎ উদ্যোগপতি আৰু বিশ্বৰ নেতাসকলে সমবেত হ’ব । কিয়নো আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০ জানুৱাৰীত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব । এই শপত গ্ৰহণ অনুষ্ঠান বহু দিশত বিশেষ হ’ব । শপতগ্ৰহণ অনুষ্ঠানলৈ আমেৰিকাই নিজৰ মিত্ৰ দেশৰ

২০ জানুৱাৰীত আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বৃহৎ উদ্যোগপতি আৰু বিশ্বৰ নেতাসকলে সমবেত হ’ব । কিয়নো আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০ জানুৱাৰীত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব । এই শপত গ্ৰহণ অনুষ্ঠান বহু দিশত বিশেষ হ’ব । শপতগ্ৰহণ অনুষ্ঠানলৈ আমেৰিকাই নিজৰ মিত্ৰ দেশৰ নেতাসকলক আমন্ত্ৰণ জনাইছে । এই নিমন্ত্ৰণ লাভ কৰাসকলৰ ভিতৰত ভাৰতো অন্যতম । একে সময়তে সমগ্ৰ বিশ্বৰ উদ্যোগপতিসকলেও শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অপেক্ষা কৰি আছে । বহু চেলিব্ৰিটিয়ে ভি আই পি পাছ ল’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে যাতে তেওঁলোকে নতুন চৰকাৰৰ ওচৰ চাপিবলৈ সুযোগ পায় ।

ভাৰতৰ পৰা উপস্থিত থাকিব বৈদেশিক মন্ত্ৰী ড০ জয়শংকৰ-

ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে । ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই তথ্য দিছে । বৈদেশিক মন্ত্ৰীগৰাকীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত ট্ৰাম্প চৰকাৰৰ আন প্ৰতিনিধিকো সাক্ষাৎ কৰিব পাৰে । অৱশ্যে কোনজন নেতাক সাক্ষাৎ কৰিব সেই সম্পৰ্কে তথ্য দিয়া হোৱা নাই । ভাৰতে নতুন চৰকাৰৰ সৈতেও বছৰ বছৰ ধৰি আমেৰিকাৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ গতি বজাই ৰাখিবলৈ চেষ্টা কৰিছে ।

শপত গ্ৰহণ অনুষ্ঠানত কোন কোন বিশ্ব নেতাই অংশগ্ৰহণ কৰিব-

পৰম্পৰাগতভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানলৈ বিশ্বৰ নেতাসকলক নিমন্ত্ৰণ কৰা নহয় যদিও এইবাৰ ট্ৰাম্পে এই পৰম্পৰা ভংগ কৰিছে । ট্ৰাম্পে ব্যক্তিগতভাৱে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে । ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত আমেৰিকা আৰু চীনৰ মাজত প্ৰতিদ্বন্দ্বিতা আছিল বাবেই জিনপিঙক আমন্ত্ৰণ জনোৱাৰ কথা যথেষ্ট চৰ্চা হৈছে । আমেৰিকাই চীনৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰিছিল, যাৰ বাবে দুয়োখন দেশৰ মাজত উত্তেজনা সৃষ্টি হৈছিল । অৱশ্যে জিনপিঙক দ্বিতীয় কাৰ্যকালৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই ট্ৰাম্পে বিভিন্ন বিষয়ত আলোচনা কৰিবলৈ সাজু বুলি ইংগিত দিছে ।

অৱশ্যে জিনপিঙে এতিয়াও ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰা নাই আৰু তেওঁৰ ঠাইত চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝেং বা চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িও আমেৰিকালৈ যাব পাৰে বুলিও চৰ্চা চলিছে । চীনৰ ৰাষ্ট্ৰপতিৰ উপৰিও এল ছালভাডৰৰ ৰাষ্ট্ৰপতি নাইব বুকেলে, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলীকো আমন্ত্ৰণ জনোৱা হৈছে । অৱশ্যে আন ৰাষ্ট্ৰপতিৰ তথ্য পোহৰলৈ অহা নাই ।

ট্ৰাম্পে বিচাৰে বিশাল অনুষ্ঠান-

আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ট্ৰাম্পে বিচাৰে যে তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানটো বিশাল হওক আৰু সমগ্ৰ বিশ্বৰ নেতাসকলে ইয়াত অংশগ্ৰহণ কৰক । শেহতীয়াকৈ ফ্ৰান্সৰ এটা ঐতিহাসিক গীৰ্জা পুনৰ নিৰ্মাণৰ পিছত উদ্বোধনী অনুষ্ঠানত ট্ৰাম্পে অংশগ্ৰহণ কৰিছিল । সেই কাৰ্যসূচীত প্ৰায় ৮০খন দেশৰ নেতা গোট খাইছিল । এতিয়া ট্ৰাম্পে বিচাৰে যে তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানো একেধৰণৰ হওক ।

অভিলেখ সংখ্যক অনুদান-

ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে লাভ কৰিছে অভিলেখ অনুদান । দৰাচলতে নতুন চৰকাৰখনক সন্তুষ্ট কৰিবলৈ বৃহৎ উদ্যোগপতিসকলে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ বৰঙণি আগবঢ়াইছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এতিয়ালৈকে ১৭ কোটি ডলাৰৰ ধন সংগ্ৰহ কৰা হৈছে আৰু ই ২০ কোটি ডলাৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । বয়িং, মেটা, মাইক্ৰ’ছফ্ট, গুগল আদি ডাঙৰ ডাঙৰ কোম্পানীয়ে বিপুল অনুদান আগবঢ়াইছে ।