কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত সংঘটিত হোৱা বনজুইত এতিয়ালৈকে প্ৰায় ১২ হাজাৰ অট্টালিকা জ্বলি ছাই হৈ পৰিছে । ছান ফ্ৰান্সিস্কোৰ আকাৰতকৈও বৃহৎ অঞ্চল, প্ৰায় ৫৬ বৰ্গমাইল (১৪২ বৰ্গ কিলোমিটাৰ) ভয়ংকৰ জুইয়ে আগুৰি ধৰিছে । ইয়াৰ বাহিৰেও এই বনজুইত এতিয়ালৈকে কমেও ১১জন লোকৰ প্ৰাণহানি হৈছে । মঙলবাৰে (৭ জানুৱাৰী) সমগ্ৰ কেলিফৰ্ণিয়াত সংঘটিত হোৱা বনজুইৰ আংশিক কাৰণ আছিল চান্টা এনা বতাহ । যদিও বৃহস্পতিবাৰে (৯ জানুৱাৰী) জুইৰ তীব্ৰতা হ্ৰাস পাইছিল, বতৰ বিশেষজ্ঞসকলে সকীয়াই দিছে যে এই সপ্তাহৰ শেষৰ ফালে পুনৰ জুই জ্বলি উঠিব পাৰে ।
আমেৰিকাৰ ইতিহাসত আটাইতকৈ ডাঙৰ লোকচান-
কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত সংঘটিত হোৱা ভয়ংকৰ বনজুইৰ ফলত হোৱা আৰ্থিক লোকচানৰ অনুমান এতিয়াও সম্পূৰ্ণ স্পষ্ট হোৱা নাই । একে সময়তে বতৰৰ তথ্য প্ৰদান কৰা ব্যক্তিগত কোম্পানী একুৱেদাৰে অনুমান কৰিছে যে এই লোকচান প্ৰায় ১৩৫ বিলিয়ন ডলাৰৰ পৰা ১৫০ বিলিয়ন ডলাৰ হ’ব পাৰে । অৱশ্যে চৰকাৰী বিষয়াসকলে এতিয়াও অগ্নিকাণ্ডৰ ফলত ক্ষয়-ক্ষতিৰ আনুমানিক হিচাপ কৰা নাই ।
হাজাৰ হাজাৰ ঘৰ, কাৰ্যালয় আৰু অন্যান্য নিৰ্মাণ জ্বলি হ’ল ছাই-
এই ভয়ংকৰ জুইৰ বাবে পেচিফিক পেলিছাডছৰ পাহাৰীয়া উপকূলীয় অঞ্চলত ৫৩০০ৰো অধিক নিৰ্মাণ জ্বলি ছাই হৈ পৰিছে । ইয়াৰ ভিতৰত আছে জেমী লি কাৰ্টিছ আৰু বিলি ক্রিষ্টালৰ দৰে চেলিব্ৰিটিৰ ঘৰ । একে সময়তে পাছাডেনাৰ উত্তৰ অংশৰ ৭ হাজাৰৰো অধিক ঘৰ আৰু অন্যান্য নিৰ্মাণ জ্বলি ছাই হৈ পৰিছে ।
১,৫০,০০০ৰো অধিক লোকক খালী কৰাৰ নিৰ্দেশ-
আমেৰিকাৰ বিষয়াসকলে জনোৱা মতে, শুকুৰবাৰৰ ভিতৰত (১০ জানুৱাৰী)লৈকে ১,৫০,০০০ৰো অধিক লোকক খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে । একে সময়তে দক্ষিণ কেলিফৰ্ণিয়াৰ প্ৰায় ১ কোটি ৭০ লাখ লোকক বায়ুৰ গুণাগুণ আৰু ধূলি সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰা হৈছে, কিয়নো ধোঁৱা আৰু ছাইৰ ডাঠ ডাৱৰে আকাশ আবৰি ধৰিছে । ইয়াৰ উপৰিও দক্ষিণ কেলিফৰ্ণিয়াত ১,৭৫,০০০ৰো অধিক লোকে বিদ্যুৎ যোগানৰ সমস্যাৰ সন্মুখীন হৈছে, ইয়াৰে আধাতকৈ অধিক লোক লছ এঞ্জেলছ কাউন্টিৰ ।