লছ এঞ্জেলছ অঞ্চলত সংঘটিত হোৱা ভয়াৱহ বনজুই আৰু প্ৰচণ্ড বতাহৰ ফলত ৯৭ সংখ্যক একাডেমী বঁটা (অস্কাৰ ২০২৫)তো প্ৰভাৱ পৰিছে । লছ এঞ্জেলছৰ বনজুইৰ পিছত একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চায়েন্সে অস্কাৰৰ মনোনয়নৰ ভোটিং উইণ্ডো আগুৱাইছে । প্ৰায় ১০ হাজাৰ একাডেমীৰ সদস্যৰ বাবে ৮ জানুৱাৰীৰ পৰা ভোটদান আৰম্ভ হৈছিল । এই ভোটদানৰ উইণ্ডো ১২ জানুৱাৰীত বন্ধ হ’ব লগা আছিল । অৱশ্যে বাতৰি অনুসৰি এতিয়া এই সময়সীমা ১৪ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে ।
এই তাৰিখত মনোনয়ন ঘোষণা কৰা হ’ব-
ইয়াৰ উপৰিও প্ৰথমে ১৭ জানুৱাৰীত মনোনয়ন ঘোষণা কৰাৰ কথা আছিল । কিন্তু এতিয়া এই তাৰিখ সলনি কৰা হৈছে । এতিয়া ১৯ জানুৱাৰীত ঘোষণা কৰা হ’ব অস্কাৰৰ মনোনয়ন ।
সদস্যসকললৈ প্ৰেৰণ কৰা হৈছে ইমেইল-
বুধবাৰে বিয়লি একাডেমীয়ে সদস্যসকললৈ চি ই অ’ বিল ক্ৰেমাৰৰ পৰা ইমেইল প্ৰেৰণ কৰি তাৰিখ সলনিৰ বিষয়ে অৱগত কৰা হৈছে । ইমেইলটোত লিখা আছিল যে, “দক্ষিণ কেলিফৰ্ণিয়াত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছো । আমাৰ বহু সদস্য আৰু উদ্যোগৰ অংশীদাৰ লছ এঞ্জেলছ অঞ্চলত থাকে আৰু কাম কৰে । আমি ইয়াক লৈ চিন্তিত । অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত সকলৰ প্ৰতি আমাৰ সমবেদনা জ্ঞাপন কৰিছো ।
কেতিয়া অনুষ্ঠিত হ’ব অস্কাৰ ?
ইয়াত আৰু কোৱা হৈছে যে বুধবাৰে নিশা লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ফিচাৰ চৰ্টলিষ্ট প্ৰদৰ্শন সপ্তাহটোৰ শেষৰ ফালে পিছুৱাই দিয়া হৈছে । ১১ জানুৱাৰীত এল এ আৰু নিউয়ৰ্ক চহৰত অনুষ্ঠিত হ’বলগীয়া লছ এঞ্জেলছ চাউণ্ড ব্ৰাঞ্চ বেক-অফ আৰু মেকআপ আৰ্টিষ্ট এণ্ড হেয়াৰষ্টাইলিষ্ট ব্ৰাঞ্চ বেক-অফ বাতিল কৰা হৈছে । উল্লেখ্য যে ২০২৫ চনৰ ২ মাৰ্চত অস্কাৰ অনুষ্ঠান অনুষ্ঠিত হ’ব । অস্কাৰ অনুষ্ঠানৰ আয়োজন কৰিব কোনান অ’ব্ৰাইনে ।