লছ এঞ্জেলছৰ বৃহৎ বনজুইৰ বাবে সলনি হ’ল অস্কাৰৰ মনোনয়নৰ তাৰিখ

লছ এঞ্জেলছৰ বৃহৎ বনজুইৰ বাবে সলনি হ’ল অস্কাৰৰ মনোনয়নৰ তাৰিখ, এতিয়া এই দিনটোত কৰা হ’ব ঘোষণা…

লছ এঞ্জেলছ অঞ্চলত সংঘটিত হোৱা ভয়াৱহ বনজুই আৰু প্ৰচণ্ড বতাহৰ ফলত ৯৭ সংখ্যক একাডেমী বঁটা (অস্কাৰ ২০২৫)তো প্ৰভাৱ পৰিছে । লছ এঞ্জেলছৰ বনজুইৰ পিছত একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চায়েন্সে অস্কাৰৰ মনোনয়নৰ ভোটিং উইণ্ডো আগুৱাইছে । প্ৰায় ১০ হাজাৰ একাডেমীৰ সদস্যৰ বাবে ৮ জানুৱাৰীৰ

লছ এঞ্জেলছ অঞ্চলত সংঘটিত হোৱা ভয়াৱহ বনজুই আৰু প্ৰচণ্ড বতাহৰ ফলত ৯৭ সংখ্যক একাডেমী বঁটা (অস্কাৰ ২০২৫)তো প্ৰভাৱ পৰিছে । লছ এঞ্জেলছৰ বনজুইৰ পিছত একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চায়েন্সে অস্কাৰৰ মনোনয়নৰ ভোটিং উইণ্ডো আগুৱাইছে । প্ৰায় ১০ হাজাৰ একাডেমীৰ সদস্যৰ বাবে ৮ জানুৱাৰীৰ পৰা ভোটদান আৰম্ভ হৈছিল । এই ভোটদানৰ উইণ্ডো ১২ জানুৱাৰীত বন্ধ হ’ব লগা আছিল । অৱশ্যে বাতৰি অনুসৰি এতিয়া এই সময়সীমা ১৪ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে ।

এই তাৰিখত মনোনয়ন ঘোষণা কৰা হ’ব-

ইয়াৰ উপৰিও প্ৰথমে ১৭ জানুৱাৰীত মনোনয়ন ঘোষণা কৰাৰ কথা আছিল । কিন্তু এতিয়া এই তাৰিখ সলনি কৰা হৈছে । এতিয়া ১৯ জানুৱাৰীত ঘোষণা কৰা হ’ব অস্কাৰৰ মনোনয়ন ।

সদস্যসকললৈ প্ৰেৰণ কৰা হৈছে ইমেইল-

বুধবাৰে বিয়লি একাডেমীয়ে সদস্যসকললৈ চি ই অ’ বিল ক্ৰেমাৰৰ পৰা ইমেইল প্ৰেৰণ কৰি তাৰিখ সলনিৰ বিষয়ে অৱগত কৰা হৈছে । ইমেইলটোত লিখা আছিল যে, “দক্ষিণ কেলিফৰ্ণিয়াত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছো । আমাৰ বহু সদস্য আৰু উদ্যোগৰ অংশীদাৰ লছ এঞ্জেলছ অঞ্চলত থাকে আৰু কাম কৰে । আমি ইয়াক লৈ চিন্তিত । অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত সকলৰ প্ৰতি আমাৰ সমবেদনা জ্ঞাপন কৰিছো ।

কেতিয়া অনুষ্ঠিত হ’ব অস্কাৰ ?

ইয়াত আৰু কোৱা হৈছে যে বুধবাৰে নিশা লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ফিচাৰ চৰ্টলিষ্ট প্ৰদৰ্শন সপ্তাহটোৰ শেষৰ ফালে পিছুৱাই দিয়া হৈছে । ১১ জানুৱাৰীত এল এ আৰু নিউয়ৰ্ক চহৰত অনুষ্ঠিত হ’বলগীয়া লছ এঞ্জেলছ চাউণ্ড ব্ৰাঞ্চ বেক-অফ আৰু মেকআপ আৰ্টিষ্ট এণ্ড হেয়াৰষ্টাইলিষ্ট ব্ৰাঞ্চ বেক-অফ বাতিল কৰা হৈছে । উল্লেখ্য যে ২০২৫ চনৰ ২ মাৰ্চত অস্কাৰ অনুষ্ঠান অনুষ্ঠিত হ’ব । অস্কাৰ অনুষ্ঠানৰ আয়োজন কৰিব কোনান অ’ব্ৰাইনে ।