বলীউডৰ কৰিঅ’গ্ৰাফাৰ ফাৰাহ খান বহু বছৰ ধৰি চলচ্চিত্ৰ উদ্যোগত আছে। এই সময়ছোৱাত কৰিঅ’গ্ৰাফাৰ গৰাকিয়ে বহুতো আইকনিক গান কৰিছে।তেওঁৰ বেছিভাগ গান চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে মুক্তি দিয়া হৈছে।
ফাৰাহে শ্বাহৰুখৰ সৈতে পৰিচালক হিচাপে তেওঁৰ প্ৰথম খন ছবি ‘মে হুঁ না’ নিৰ্মাণ কৰিছিল, যিখন চুপাৰ হিট হিচাপে প্ৰমাণিত হৈছিল। তাৰ পাছত, তেওঁলোক দুয়োজনে বহুতো চলচ্চিত্ৰ আৰু গানত কাম কৰিছে, যিবোৰ মানুহে বহুত ভাল পাইছে।
ফাৰাহ খান আৰু শ্বাহৰুখ খানৰ বন্ধুত্বো বহুত গভীৰ।তেওঁলোক দুয়োৰে বন্ধুত্ব বহুত পুৰণি, কিন্তু আজিও, ফাৰাহে কোনো কথাক লৈ ভয় কৰে।
শেহতীয়া এক সাক্ষাৎকাৰৰ সময়ত, ফাৰাহে শ্বাহৰুখৰ সৈতে তেওঁৰ বন্ধুত্ব আৰু অভিনেতা গৰাকীৰ সৈতে কাম কৰাৰ অভিজ্ঞতা ভাগ বতৰা কৰিছিল।
তেওঁ শ্বাহৰুখৰ সৈতে কাম কৰাটো এতিয়া এটা প্ৰত্যাহ্বান হিচাপে বৰ্ণনা কৰিছিল।তেওঁ কৈছিল যে “শ্বাহৰুখৰ সৈতে কাম কৰাটো সদায়েই কঠিন আছিল।
পূৰ্বে একেলগে কাম কৰাটো কঠিন আছিল, কিন্তু এতিয়া ই আৰু অধিক কঠিন হৈ পৰিছে। যেতিয়াই আমি এটা গানত একেলগে কাম কৰোঁ, আমাৰ ওপৰত চাপ কেৱল বাঢ়ি যায় কাৰণ আমি একেলগে বহুতো আইকনিক গান কৰিছো”।
যেতিয়াই শ্বাহৰুখ খান আৰু ফাৰাহ খান ডাঙৰ পৰ্দাত একেলগে আহিছে, তেওঁলোকৰ কাম সকলোৱে ভাল পাইছে।