শপত গ্ৰহণৰ পূৰ্বে ট্ৰাম্পে ক’লে নিজৰ কাৰ্যসূচী

কানাডাৰ পৰা আৰম্ভ কৰি গাজাৰ বন্দীসকলক মুকলি কৰি দিয়ালৈকে… শপত গ্ৰহণৰ পূৰ্বে ট্ৰাম্পে প্ৰকাশ কৰিলে নিজৰ কৰ্মসূচী

২০ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পে । ইয়াৰ পূৰ্বে মঙলবাৰে ফ্ল’ৰিডাৰ নিজৰ মাৰ-এ-লাগো বাসগৃহত এখন সংবাদমেল অনুষ্ঠিত কৰি তেওঁ নাটো, গাজাত ইজৰাইলৰ পণবন্দী, গ্ৰীণলেণ্ড ক্ৰয় কৰা আৰু পানামা কেনেল নিয়ন্ত্ৰণকে ধৰি নিজৰ এজেণ্ডা তথা কৰ্মসূচীৰ ৰূপৰেখা দাঙি ধৰে । ইলন মাস্কক

২০ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পে । ইয়াৰ পূৰ্বে মঙলবাৰে ফ্ল’ৰিডাৰ নিজৰ মাৰ-এ-লাগো বাসগৃহত এখন সংবাদমেল অনুষ্ঠিত কৰি তেওঁ নাটো, গাজাত ইজৰাইলৰ পণবন্দী, গ্ৰীণলেণ্ড ক্ৰয় কৰা আৰু পানামা কেনেল নিয়ন্ত্ৰণকে ধৰি নিজৰ এজেণ্ডা তথা কৰ্মসূচীৰ ৰূপৰেখা দাঙি ধৰে । ইলন মাস্কক লৈও তেওঁ নিজৰ মতামত প্ৰকাশ কৰে আৰু কানাডাক আমেৰিকাৰ ৫১ সংখ্যক ৰাজ্য হিচাপে কৰা জল্পনা-কল্পনাৰ বিষয়েও প্ৰকাশ কৰে ।

কানাডাৰ বিষয়ে কয় ট্ৰাম্পে-

কানাডাৰ বিষয়ে প্ৰশ্ন কৰাত ট্ৰাম্পে কয় যে কানাডা আমেৰিকাৰ এখন ৰাজ্য হ’ব লাগে । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এয়া ভাল হ’ব বুলিও তেওঁ কয় । ট্ৰাম্পে কয় যে মোৰ কানাডাত বহুত বন্ধু আছে, মই কানাডাৰ জনসাধাৰণক ভাল পাওঁ, কিন্তু আমেৰিকাই আৰু কানাডাক অৰ্থনৈতিকভাৱে সহায় কৰিব নোৱাৰে । কানাডাৰ ওপৰত শুল্ক আৰোপ কৰাৰ ইংগিতো দিয়ে তেওঁ । তেওঁ কয় যে আমি কানাডাক আমেৰিকাৰ অংশ হিচাপে গঢ়ি তুলিবলৈ অৰ্থনৈতিক শক্তি ব্যৱহাৰ কৰিম ।

হামাছক সকীয়াই দিলে ট্ৰাম্পে-

গাজাত ইজৰাইলী পণবন্দীক লৈ হামাছক সকীয়াই দিছে ট্ৰাম্পে । তেওঁ কয় যে যদি মই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে ইজৰাইলী পণবন্দীসকলক ঘূৰাই নিদিয়ে তেন্তে মধ্যপ্ৰাচ্যৰ সকলো ধ্বংস হ’ব । তেওঁ কয় যে এইটো হামাছকে ধৰি কাৰো বাবে ভাল নহ’ব ।

মেক্সিকো উপসাগৰৰ নাম সলনি কৰি কৰা হ’ব আমেৰিকা উপসাগৰ-

সংবাদমেলত আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক চাঞ্চল্যকৰ ঘোষণা কৰে । তেওঁ কয় যে তেওঁ গালফ অৱ মেক্সিকোৰ নাম সলনি কৰি গালফ অৱ আমেৰিকা কৰিবলৈ ওলাইছে । তেওঁ কয়, কি সুন্দৰ নাম এয়া । এইটো যুক্তিসংগতও । অৱশ্যে ইয়াৰ বাবে কোনো সময়সীমা দিয়া নাই তেওঁ ।

পানামা কেনেল-গ্ৰীনলেণ্ড দখলৰ দাবী পুনৰবাৰ উল্লেখ কৰে-

আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ পানামা কেনেল আৰু গ্ৰীণলেণ্ড দখল কৰাৰ দাবী পুনৰবাৰ প্ৰকাশ কৰিছে । এই দুয়োটা অঞ্চলৰ নিয়ন্ত্ৰণ দখল কৰিবলৈ সামৰিক শক্তিৰ ব্যৱহাৰ নুই নকৰে বুলিও তেওঁ কয় । তেওঁ কয় যে এই দুয়োটা ক্ষেত্ৰতে আমেৰিকাৰ নিয়ন্ত্ৰণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে গুৰুত্বপূৰ্ণ । তেওঁ কয় যে পানামা কেনেল চীনে চলাই আছে, আনহাতে আমি কেনেলটো পানামাক দিছিলোঁ । তেওঁলোকে ইয়াৰ অপব্যৱহাৰ কৰিছে । এইটো নিৰ্মাণ কৰা কেতিয়াও উচিত নাছিল ।

প্ৰতিৰক্ষা ব্যয় বৃদ্ধিৰ বাবে নাটো দেশসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে ট্ৰাম্পে-

সংবাদমেলৰ সময়ত ড’নাল্ড ট্ৰাম্পে নাটোৰ সদস্যসকলক তেওঁলোকৰ প্ৰতিৰক্ষা ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ (জি ডি পি) পাঁচ শতাংশলৈ বৃদ্ধি কৰিবলৈ হেঁচা প্ৰয়োগ কৰে । তেওঁ কয় যে নাটো দেশসমূহে ইয়াৰ সামৰ্থ্য আছে, কিন্তু সেয়া দুই শতাংশ নহয়, পাঁচ শতাংশ হ’ব লাগে । ট্ৰাম্পে আৰু কয়, ‘আমাৰ হাতত থকা ধনৰ অতি কম অংশহে ইউৰোপে পাব । আমাৰ মাজত এক সাগৰ আছে, ইউৰোপতকৈ ট্ৰিলিয়ন ডলাৰ বেছি টকা খৰচ কৰিম কিয় ?’

বাইডেনৰ পুৰণি সিদ্ধান্তও সলনি হ’ব-

সংবাদমেলৰ সময়ত তেওঁ বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীৰ বহু সিদ্ধান্ত সলনি কৰাৰ ইংগিতো দিয়ে । তেওঁ ঘোষণা কৰে যে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে তেওঁ গেছ আৰু তেলৰ বাবে অফশ্ব’ৰ ড্ৰিলিঙৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ল’ব । উল্লেখযোগ্য যে জো বাইডেনে বহু অঞ্চলত সাগৰত তেল আৰু গেছ খনন নিষিদ্ধ কৰিছিল । ইয়াৰ আঁৰৰ কাৰণ তেওঁৰ জলবায়ু এজেণ্ডাক অগ্ৰাধিকাৰ দিয়া বুলিও তেওঁ কয় । একে সময়তে ট্ৰাম্পে ইয়াক বাতিলৰ দিশে আগবাঢ়িছে ।

শেহতীয়া প্ৰৱন্ধসমূহ