শিলাবৃষ্টি, ধুমুহা, প্ৰচণ্ড বৰষুণ... বানৰ কবলত মক্কা আৰু মদিনা, সমগ্ৰ চৌদি আৰবত হাই এলাৰ্ট

শিলাবৃষ্টি, ধুমুহা, প্ৰচণ্ড বৰষুণ… বানৰ কবলত মক্কা আৰু মদিনা, সমগ্ৰ চৌদি আৰবত হাই এলাৰ্ট

চৌদি আৰৱৰ কথা ক’লেই মক্কা, মদিনা আৰু মৰুভূমিৰ ছবি আমাৰ মনলৈ আহে । কিন্তু এতিয়া ইয়াৰ পৰিস্থিতি সলনি হৈছে । নেৰানেপেৰা বৰষুণৰ পিছত ইয়াত বানৰ তাণ্ডৱ আৰম্ভ হৈছে । মক্কা আৰু মদিনাৰ বেছিভাগ অঞ্চলতে বিশেষকৈ জেদ্দা চহৰ আৰু ৰাজ্যখনৰ অন্যান্য অঞ্চল শিলাবৃষ্টি আৰু বজ্ৰপাতৰ সৈতে

চৌদি আৰৱৰ কথা ক’লেই মক্কা, মদিনা আৰু মৰুভূমিৰ ছবি আমাৰ মনলৈ আহে । কিন্তু এতিয়া ইয়াৰ পৰিস্থিতি সলনি হৈছে । নেৰানেপেৰা বৰষুণৰ পিছত ইয়াত বানৰ তাণ্ডৱ আৰম্ভ হৈছে । মক্কা আৰু মদিনাৰ বেছিভাগ অঞ্চলতে বিশেষকৈ জেদ্দা চহৰ আৰু ৰাজ্যখনৰ অন্যান্য অঞ্চল শিলাবৃষ্টি আৰু বজ্ৰপাতৰ সৈতে প্ৰচণ্ড বৰষুণৰ সাক্ষী হৈছে । বৰষুণৰ পিছত বানৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি বুধবাৰেও বৰষুণ অব্যাহত থাকিব পাৰে । সামাজিক মাধ্যমত ভাইৰেল হোৱা ছবিত দেখা গৈছে যে চহৰখন আংশিকভাৱে ডুব গৈছে ।

লাখ লাখ মুছলমান লোক হজ আৰু উমৰাহ কৰিবলৈ আহে-

মক্কা মদিনা চৌদি আৰৱৰ এক অতি পবিত্ৰ তীৰ্থস্থান । প্ৰতি বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ মুছলমান এই চহৰসমূহলৈ হজ আৰু উমৰাহ কৰিবলৈ আহে । কিন্তু বৰ্তমান ধাৰাসাৰ বৰষুণে সমগ্ৰ চৌদি আৰৱৰ পৰিৱেশ সলনি কৰি পেলাইছে । ধাৰাসাৰ বৰষুণৰ ফলত ছৌদি আৰৱৰ বহু চহৰ ডুব গৈছে । এনে পৰিস্থিতি কেইবাদিনলৈ অব্যাহত থাকিব পাৰে বুলি সতৰ্কবাণী জাৰি কৰা হৈছে ।

ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই সপ্তাহত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু ধূলিৰ ধুমুহাৰ পূৰ্বাভাস প্ৰকাশ কৰিছে । বিগত এঘণ্টাত বৰষুণৰ বাবে কেইবাটাও বতৰৰ সতৰ্কবাণী জাৰি কৰা হৈছে ।

ছচিয়েল মিডিয়াত ভিডিঅ ভাইৰেল-

এই বৰষুণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ হ’ল আল-উলা আৰু আল-মদিনা । আল-মদিনাহত মুছলমানসকলৰ বাবে আটাইতকৈ পবিত্ৰ স্থান হৈছে মছজিদ-ই-নবৱী, যাৰ ভিডিঅ’ ভাইৰেল হৈ আছে । ভিডিঅ’টোত ধাৰাসাৰ বৰষুণৰ বাবে মছজিদটো পানীৰে ভৰি থকা দেখা গৈছে । ৰাজ্যসমূহৰ বিভিন্ন স্থানলৈ অহা-যোৱা কৰাত বাধা আৰোপ কৰাৰ লগতে বিদ্যালয়সমূহো বন্ধ কৰি দিয়া হৈছে ।

প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী-

প্ৰশাসনে এক সতৰ্কবাণী জাৰি কৰি ৰাইজক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাতায়তৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে । জৰুৰীকালীন সেৱা যিকোনো ঘটনাৰ প্ৰতি সঁহাৰি জনাবলৈ সাজু প্ৰশাসন । পৰিস্থিতি নিয়ন্ত্ৰণ আৰু নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে কঠোৰ পৰিশ্ৰম কৰিছে । একে সময়তে বতৰ বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছে যে এই পৰিস্থিতি আৰু কেইদিনমানলৈ অব্যাহত থাকিব । সজাগ হৈ থাকিবলৈ আৰু চৰকাৰী পৰামৰ্শ মানি চলিবলৈ আহ্বান জনাইছে । সুৰক্ষা নিশ্চিত কৰা আৰু বতৰৰ পৰিঘটনাৰ প্ৰভাৱ কম কৰাত গুৰুত্ব দিয়া হৈছে ।

শেহতীয়া প্ৰৱন্ধসমূহ