ডাঠ কুঁৱলী আৰু প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য; ব্যাহত স্বাভাৱিক জীৱন  

নৱবৰ্ষৰ আৰম্ভণিতে ধৰাৰ বুকুলৈ নামিছে প্ৰচণ্ড শীত। ডাঠ কুঁৱলীয়ে আৱৰিছে প্ৰকৃতি। প্ৰচণ্ড কুঁৱলীৰ আচ্ছাদনে ছানি ধৰিছে ৰাজ্যৰ সকলো প্ৰান্ত।পুহৰ জাৰত কঁপিছে সমগ্ৰ অসম। অত্যধিক কুঁৱলীৰ বাবে ব্যাহত স্বাভাৱিক জনজীৱন। ১৭ জিলাত আজি নিশালৈ প্ৰচণ্ড বৰষুণৰ আগজাননী জাৰী কৰা হৈছে।৫ তাৰিখলৈ ৰাজ্যজুৰি জাৰি কৰিচে ইয়েল্ল’ এলাৰ্ট

নৱবৰ্ষৰ আৰম্ভণিতে ধৰাৰ বুকুলৈ নামিছে প্ৰচণ্ড শীত। ডাঠ কুঁৱলীয়ে আৱৰিছে প্ৰকৃতি। প্ৰচণ্ড কুঁৱলীৰ আচ্ছাদনে ছানি ধৰিছে ৰাজ্যৰ সকলো প্ৰান্ত।পুহৰ জাৰত কঁপিছে সমগ্ৰ অসম।

অত্যধিক কুঁৱলীৰ বাবে ব্যাহত স্বাভাৱিক জনজীৱন। ১৭ জিলাত আজি নিশালৈ প্ৰচণ্ড বৰষুণৰ আগজাননী জাৰী কৰা হৈছে।৫ তাৰিখলৈ ৰাজ্যজুৰি জাৰি কৰিচে ইয়েল্ল’ এলাৰ্ট ।

অধিক নিম্মগামী হৈছে পাৰাস্তম্ভ, বাঢ়িছে শীতৰ প্ৰকোপ।হিম প্ৰৱাহে ঢৌ খেলিছে দেশজুৰি।জানিব পৰা মতে সমগ্ৰ জানুৱাৰী মাহটো কঁপিব উত্তৰ ভাৰত আৰু উত্তৰ পূব।আজি গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা ১৩, সৰ্বাধিক ২২ ডিগ্ৰী ছেলচিয়াছ।শোণিতপুৰত সৰ্বনিম্ন তাপমাত্ৰা ৭, সৰ্বাধিক ১৮ ডিগ্ৰী ছেলচিয়া।

কামৰূপ গ্ৰাম্যত সৰ্বনিম্ন তাপমাত্ৰা ১২, সৰ্বাধিক ১৮ ডিগ্ৰী ছেলচিয়াছ। ধুবুৰীত সৰ্বনিম্ন তাপমাত্ৰা ১৪, সৰ্বাধিক ২৩ ডিগ্ৰী ছেলচিয়াছ।শিলচৰত সৰ্বনিম্ন তাপমাত্ৰা ১৩, সৰ্বাধিক ২৬ ডিগ্ৰী ছেলচিয়াছ। বৰপেটাত সৰ্বনিম্ন তাপমাত্ৰা ১৩, সৰ্বাধিক ২৪ ডিগ্ৰী ছেলচিয়াছ।

মৰিগাঁৱত সৰ্বনিম্ন তাপমাত্ৰা ১২, সৰ্বাধিক ২৪ ডিগ্ৰী ছেলচিয়াছ শ্ৰীভূমিত সৰ্বনিম্ন তাপমাত্ৰা ১৪, সৰ্বাধিক ২৫ ডিগ্ৰী ছেলচিয়াছ। উজনিৰ যোৰহাটত সৰ্বনিম্ন তাপমাত্ৰা ১১, সৰ্বাধিক ২১ ডিগ্ৰী ছেলচিয়াছ। বিশ্বনাথত সৰ্বনিম্ন তাপমাত্ৰা ৯, সৰ্বাধিক ১৮ ডিগ্ৰী ছেলচিয়াছ। ধেমাজিত সৰ্বনিম্ন তাপমাত্ৰা ১০, সৰ্বাধিক ২৪ ডিগ্ৰী ছেলচিয়াছ।

শেহতীয়া প্ৰৱন্ধসমূহ