অপেক্ষাৰ অন্ত…মুক্তি পালে ভাইজানৰ বহু প্ৰত্যাশিত ছবি চিকন্দৰৰ টিজাৰ

অৱশেষত মুক্তি পালে ছলমান খানৰ বহু প্ৰত্যাশিত ছবি চিকন্দৰৰ টিজাৰ । টিজাৰটো চোৱাৰ পিছত বুজিব পাৰি যে ২০০৯ চনৰ ৱাণ্টেড ছবিখনৰ যি যাদু বিয়পাইছে, সেই যাদু এতিয়া পুনৰ দেখাবলৈ সাজু হৈছে ছলমান খান । ইয়াৰ পূৰ্বে ২৭ ডিচেম্বৰৰ পুৱা ১১:০৭ বজাত ছলমান খানৰ জন্মদিন উপলক্ষে

অৱশেষত মুক্তি পালে ছলমান খানৰ বহু প্ৰত্যাশিত ছবি চিকন্দৰৰ টিজাৰ । টিজাৰটো চোৱাৰ পিছত বুজিব পাৰি যে ২০০৯ চনৰ ৱাণ্টেড ছবিখনৰ যি যাদু বিয়পাইছে, সেই যাদু এতিয়া পুনৰ দেখাবলৈ সাজু হৈছে ছলমান খান ।

ইয়াৰ পূৰ্বে ২৭ ডিচেম্বৰৰ পুৱা ১১:০৭ বজাত ছলমান খানৰ জন্মদিন উপলক্ষে ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ কথা আছিল । কিন্তু ২৬ ডিচেম্বৰৰ নিশা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুৰ বাবে ইয়াক স্থগিত ৰখা হয় ।

ছলমান খানৰ ছবিখনৰ এই টিজাৰত তেওঁক এক অনন্য ৰূপত দেখা গৈছে । ২ মিনিটতকৈও কম সময়ৰ এই ভিডিঅ’টোত ছলমান খানক বন্দুকৰে ভৰা কোঠা এটাত দেখা গৈছে । টীজাৰত তেওঁৰ মুখত কেৱল এটা সংলাপহে শুনা গৈছে ।

শুকুৰবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছবিখনৰ নিৰ্মাতাসকলে জনাইছিল যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ শেষ যাত্ৰাৰ সন্মানত টিজাৰৰ মুক্তিৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰি ২৮ ডিচেম্বৰৰ সন্ধিয়া ৪:০৫ বজাত ঘোষণা কৰিছিল ।

চিকান্দৰৰ ষ্টাৰ কাষ্ট-

ছবিখনত পুষ্পা ২ৰ জৰিয়তে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰা শ্ৰীৱল্লী অৰ্থাৎ ৰশ্মিকা মন্দনাই ছলমান খানৰ বিপৰীতে অভিনয় কৰিছে । ইয়াৰ উপৰিও সুনীল শেট্টী, সত্যৰাজ আৰু শ্বাৰ্মান যোশী, কাজল আগৰৱালাকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ।

কেতিয়া মুক্তি পাব চিকন্দৰে-

ঈদ উপলক্ষে ২০২৫ চনত মুক্তি পাব ছলমান খানৰ ছবি চিকন্দৰ । ইয়াৰ প্ৰযোজনা কৰিছে ছাজিদ নাদিয়াদৱালাই যাৰ সৈতে ছলমানে শেষবাৰৰ বাবে কিকত কাম কৰিছিল । ইয়াৰ উপৰিও ছবিখনৰ পৰিচালনা কৰিছে আকিৰা আৰু গজিনিৰ দৰে ছবি নিৰ্মাণ কৰা দক্ষিণৰ ষ্টালৱাৰ এ আৰ মুৰুগাডোছে ।

শেহতীয়া প্ৰৱন্ধসমূহ