৫৯ বছৰীয়া হ’ল ছলমান খান ; প্ৰা: প্ৰধানমন্ত্ৰীৰ বিয়োগৰ বাবে নাপালে জন্মদিনৰ উপহাৰ

চুপাৰষ্টাৰ ছলমান খানৰ অনুৰাগীসকল বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা উত্তেজিত হৈ আছিল আৰু ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ প্ৰিয় তাৰকা গৰাকীৰ ৫৯ তম জন্মদিনটো। ১৯৬৫ চনৰ ২৭ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ছলমানে শুক্ৰবাৰে তেওঁৰ জন্মদিন উদযাপন কৰিছে।এই বিশেষ দিনটোত ছলমানে তেওঁৰ অনুৰাগীসকলক এটা ডাঙৰ উপহাৰ দিবলৈ গৈ আছিল। অনুৰাগী

চুপাৰষ্টাৰ ছলমান খানৰ অনুৰাগীসকল বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা উত্তেজিত হৈ আছিল আৰু ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ প্ৰিয় তাৰকা গৰাকীৰ ৫৯ তম জন্মদিনটো।

১৯৬৫ চনৰ ২৭ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ছলমানে শুক্ৰবাৰে তেওঁৰ জন্মদিন উদযাপন কৰিছে।এই বিশেষ দিনটোত ছলমানে তেওঁৰ অনুৰাগীসকলক এটা ডাঙৰ উপহাৰ দিবলৈ গৈ আছিল।

অনুৰাগী সকলৰ বাবে  তেওঁ ঘোষণা কৰিছিল যে তেওঁৰ নতুন ছবি ‘সিকন্দৰ’ৰ টিজাৰ শুক্ৰবাৰে মুকলি কৰা হ’ব।

এই ঘোষণাৰ পিছতেই তেওঁৰ অনুৰাগী আৰু বলীউডত যথেষ্ট উত্তেজনা আছিল কাৰণ ‘সিকন্দৰ’ সম্পৰ্কে বহুতো কথা চৰ্চালৈ আহিছে।

কিন্তু এতিয়া ‘সিকন্দৰ’ৰ টিজাৰ শুক্ৰবাৰে নাহে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুৰ পিছতে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে, ‘সিকন্দৰ’ৰ দলটোৱে এই সিদ্ধান্ত লৈছে। 

শুক্ৰবাৰে ৰাতিপুৱা ‘সিকান্দৰ’ নিৰ্মাতাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কৈছিল যে ছবিখনৰ টিজাৰ পিছুৱাই দিয়া হৈছে।

নিৰ্মাতাসকলে জনাইছে যে,”আমাৰ সন্মানীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিংজীৰ মৃত্যুক স্মৰণ কৰিছো, আমি ঘোষণা কৰিবলৈ দুঃখিত যে ‘সিকন্দৰ’ৰ টিজাৰ ২৮ ডিচেম্বৰ, পুৱা ১১.০৭ বজাৰ বাবে পিছুৱাই দিয়া হৈছে।এই শোকৰ সময়ত দেশৰ প্ৰতি আমাৰ সমবেদনা আছে। এইটো বুজি পোৱাৰ বাবে আপোনালোকক ধন্যবাদ।” 

শেহতীয়া প্ৰৱন্ধসমূহ