ভাৰত এখন কৃষিপ্ৰধান দেশ আৰু আমাৰ দেশৰ অৰ্থনীতিতো কৃষকৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে । প্ৰতি বছৰে ২৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয় । কৃষকসকল আমাৰ দেশৰ মেৰুদণ্ড কাৰণ তেওঁলোকেই সমগ্ৰ দেশৰ জনসাধাৰণক খাদ্য যোগান ধৰাত অৰিহণা যোগায় ।
ভাৰতত কৃষকক খাদ্য যোগানকাৰী আৰু পৃথিৱীৰ পুত্ৰ বুলি কোৱা হয় । বতৰ যিয়েই নহওক কিয়, দিনে-নিশাই তেওঁলোকে পথাৰত কাম কৰে; সেয়েহে প্ৰতি বছৰে কৃষক দিৱস উদযাপন কৰি তেওঁলোকক সম্বৰ্ধনা আৰু কৃতজ্ঞতা জনোৱা হয় । প্ৰতি বছৰেই সমগ্ৰ দেশত বিভিন্ন বিষয় বস্তু লৈ উদযাপন কৰা হয় এই দিৱস । এইবাৰৰ ৰাষ্ট্ৰীয় কৃষি দিৱসৰ বিষয়বস্তু হৈছে ‘বহনক্ষম কৃষিৰ বাবে কৃষকসকলক শক্তিশালী কৰা ।’
ৰাষ্ট্ৰীয় কৃষক দিৱসৰ ইতিহাস-
দেশৰ পঞ্চম প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জন্ম বাৰ্ষিকী উপলক্ষে ভাৰতত প্ৰতি বছৰে ২৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয় । ১৯৭৯ চনৰ পৰা ১৯৮০ চনলৈ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ইমান কম সময়ৰ ভিতৰতে তেওঁ কৃষকৰ কল্যাণৰ বাবে বহু কাৰ্যসূচী গ্ৰহণ কৰিছিল । তেওঁ কৃষকসকলক সবলীকৰণৰ বাবে বহু আইন আৰু নীতি তৈয়াৰ কৰিছিল । ২০০১ চনত ভাৰত চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ সন্মানত ২৩ ডিচেম্বৰ দিনটো ৰাষ্ট্ৰীয় কৃষক দিৱস হিচাপে ঘোষণা কৰে ।
ৰাষ্ট্ৰীয় কৃষক দিৱসৰ তাৎপৰ্য-
মুখ্যতঃ ভাৰতৰ কৃষি প্ৰধান ৰাজ্য যেনে উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ আৰু মধ্যপ্ৰদেশত কৃষক দিৱস পালন কৰা হয় । আজিৰ দিনটোত দেশৰ বহু ৰাজ্যত বহু ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত কৃষকসকলে মঞ্চত নিজৰ মতামত প্ৰকাশ কৰাৰ সুযোগ পায় ।
উল্লেখ্য যে ভাৰতৰ বাহিৰেও আমেৰিকা, ঘানা, ভিয়েটনাম, পাকিস্তানৰ দৰে বহু দেশত কৃষক দিৱস পালন কৰা হয় । অৱশ্যে এই দেশসমূহত কৃষক দিৱস বিভিন্ন তাৰিখত পালন কৰা হয় ।