অশ্বিনৰ বিদায়ে পেলাব নেকি প্ৰভাৱ ?  এয়া হ’ব পাৰে বক্সিং ডে’ টেষ্টত ভাৰতৰ মূল একাদশ…

বৰ্তমান ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া ভ্ৰমণত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত ৫খনীয়া মেচৰ টেষ্ট শৃংখলা খেলি আছে । প্ৰথমখন টেষ্টত জয়ী হোৱাৰ লগতে দ্বিতীয়খন টেষ্টত পৰাস্ত হৈছে ভাৰত । আনহাতে তৃতীয় টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হয় । এইদৰে শৃংখলাটো বৰ্তমান ১-১ ব্যৱধানত সমতাত আছে । মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত

বৰ্তমান ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া ভ্ৰমণত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত ৫খনীয়া মেচৰ টেষ্ট শৃংখলা খেলি আছে । প্ৰথমখন টেষ্টত জয়ী হোৱাৰ লগতে দ্বিতীয়খন টেষ্টত পৰাস্ত হৈছে ভাৰত । আনহাতে তৃতীয় টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হয় । এইদৰে শৃংখলাটো বৰ্তমান ১-১ ব্যৱধানত সমতাত আছে ।

মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ চতুৰ্থখন মেট বক্সিং ডে’ টেষ্ট হ’ব । এই টেষ্টখন ২৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব । ভাৰতীয় সময় অনুসৰি পুৱা ৫ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন । আনহাতে টছ ইয়াৰ আধা ঘণ্টা পূৰ্বে হ’ব ।

অশ্বিনৰ বিদায়ে প্ৰভাৱ পেলাব নেকি ?

গাব্বা টেষ্ট ড্ৰ’ হোৱাৰ পাছত ভাৰতীয় তাৰকা স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লয় । কিন্তু ইয়াৰ ফলত মেলবৰ্ণ টেষ্টত বিশেষ প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই । কাৰণ গাব্বা টেষ্টত ভাৰতৰ মূল একাদশত কেৱল স্পীনাৰ ৰবীন্দ্ৰ জাডেজাইহে খেলিছিল ।

এনে পৰিস্থিতিত যদি অধিনায়ক ৰোহিত শৰ্মাই মেলবৰ্ণ টেষ্টৰ বাবে মূল একাদশৰ পৰিৱৰ্তন কৰে, তেন্তে তেওঁৰ দ্বিতীয় বিকল্প হ’ব স্পীন অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ । যদি কোনো পৰিৱৰ্তন নহয়, তেন্তে জাডেজাই আকৌ নিজৰ যাদু দেখুৱাবলৈ সাজু হ’ব । এই সকলোবোৰ পৰিৱৰ্তন পিটচ ৰিপৰ্ট অনুসৰি শেষ মুহূৰ্তত কৰা হ’ব ।

মেলবৰ্ণৰ পিটচ ৰিপৰ্ট-

শেহতীয়াকৈ মেলবৰ্ণৰ পৰা পিটচ ৰিপৰ্ট প্ৰকাশ পাইছে, যাৰ ফলত ভাৰতীয় বলাৰসকলৰ উত্তেজনা বৃদ্ধি পাব পাৰে । এই পিটচখন গাব্বাৰ পৰা বহুত বেলেগ হ’ব । মেলবৰ্ণৰ খেলপথাৰত এতিয়াও সেউজীয়া ঘাঁহ আছে । মেচ খেলিবলৈ এতিয়াও তিনিদিন বাকী আছে । ইফালে খেলপথাৰত থকা ঘাঁহ কটা হ’ব ।

বতৰ পৰিষ্কাৰ আৰু উজ্জ্বল ৰ’দৰ বাবে ঘাঁহ অলপ শুকান হ’ব । এনে পৰিস্থিতিত খেলপথাৰত বিশেষ বাউন্স নহ’ব । অৱশ্যে চিম আৰু চুইং দেখা যাব পাৰে । এই ক্ষেত্ৰত ভাৰতীয় দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ, আকাশ দীপ আৰু মহম্মদ ছিৰাজে মেলবৰ্ণৰ খেলপথাৰত সঠিক লেংথ বিচাৰিব লাগিব । ইয়াৰ পৰা আমি অনুমান কৰিব পাৰো যে যদিহে খেলপথাৰখন শেষলৈকে একেই থাকে, তেন্তে এজন স্পীনাৰেহে খেলিব পাৰিব ।

মেলবৰ্ণত ভাৰত-অষ্ট্ৰেলিয়াৰ ৰেকৰ্ড-

মুঠ টেষ্ট মেচ: ১৪

ভাৰতৰ জয়লাভ: ৪

অষ্ট্ৰেলিয়াৰ জয়লাভ: ৮

ড্ৰ’: ২

টেষ্ট ছিৰিজত ভাৰত বনাম অষ্ট্ৰেলিয়া ৰেকৰ্ড-

মুঠ টেষ্ট ছিৰিজ: ২৮

ভাৰতৰ জয়লাভ: ১১

অষ্ট্ৰেলিয়াৰ জয়লাভ: ১২

ড্ৰ’: ৫

অষ্ট্ৰেলিয়াত ভাৰতৰ টেষ্ট শৃংখলাৰ অভিলেখ-

মুঠ টেষ্ট শৃংখলা: ১৩

ভাৰতৰ জয়লাভ: ২

অষ্ট্ৰেলিয়াৰ জয়লাভ: ৮

ড্ৰ’: ৩

মেলবৰ্ণ টেষ্টত ভাৰতৰ সম্ভাৱ্য মূল একাদশ-

ভাৰতীয় দল : যশস্বী জয়ছোৱাল, কে এল ৰাহুল, শুভমন গীল, বিৰাট কোহলী, ঋষভ পন্ট (উইকেটকীপাৰ), ৰোহিত শৰ্মা (অধিনায়ক), নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাডেজা / ৱাশ্বিংটন সুন্দৰ, আকাশ দীপ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ ।

শেহতীয়া প্ৰৱন্ধসমূহ