১৯ বছৰ অনুৰ্ধ মহিলা এছিয়া কাপ ২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় দলে । সোমবাৰে (২০ ডিচেম্বৰ) কুৱালালামপুৰৰ বায়ুমাছ অভালত অনুষ্ঠিত অন্তিমখন ছুপাৰ-৪ মেচত ভাৰতে শ্ৰীলংকাক ৪ উইকেটত পৰাস্ত কৰে । মেচখনত ভাৰতীয় দলটোৱে জয়ী হ’বলৈ ৯৯ ৰানৰ লক্ষ্য লাভ কৰে, যিটো লক্ষ্য ৩১টা বল বাকী থকা অৱস্থাত উপনীত হয় । ফাইনেলত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলিব । দেওবাৰে (২২ ডিচেম্বৰ) এই খেলপথাৰতে অনুষ্ঠিত হ’ব ফাইনেল মেচ ।
ভাৰতৰ হৈ গংগাদী তৃষাই ২২টা বলত সৰ্বাধিক ৩২ ৰান সংগ্ৰহ কৰে । কমলিনীয়ে ২৬টা বলত ২৮ ৰানৰ বৰঙণি আগবঢ়ায় । কমলিনীয়ে নিজৰ ইনিংছত তিনিটা চাৰিৰ উপৰিও এটা ছয় কোবাই । ৪টা চাৰিৰ সহায়ত ১৭ ৰানত অপৰাজিত হৈ থাকে মিথিলা বিনোদ । শ্ৰীলংকাৰ হৈ চামোদী প্ৰবোধে সৰ্বাধিক তিনিটা উইকেট দখল কৰে । শশীনি গিমহানীয়ে লাভ কৰে দুটা সফলতা ।
ইয়াৰ পূৰ্বে টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত শ্ৰীলংকাই ৯ উইকেটত ৯৮ ৰান সংগ্ৰহ কৰে । শ্ৰীলংকাৰ হৈ অধিনায়ক মানুদি নানায়াকাৰাই ৩০টা বলত সৰ্বাধিক ৩৩ ৰান সংগ্ৰহ কৰে য’ত দুটা ছয় আৰু এটা চাৰি আছিল । আনহাতে উইকেটৰক্ষক চুমুডু নিছানছালাই ২১ ৰানৰ বৰঙণি আগবঢ়ায় ।
বাকী শ্ৰীলংকাৰ বেটছমেনসকল দহকৰ ঘৰতো উপনীত হ’ব নোৱাৰিলে । ভাৰতৰ হৈ বাওঁহতীয়া স্পীনাৰ আয়ুষী শুক্লাই সৰ্বাধিক ৪টা উইকেট দখল কৰে । বাওঁহতীয়া স্পীনাৰ পৰিণিকা ছিছ’দিয়াই দুটা উইকেট দখল কৰে । শ্ববনম ছকীল আৰু দৃতি কেছাৰীয়েও এটাকৈ উইকেট লাভ কৰে ।
ভাৰতৰ মূল একাদশঃ
কমলিনী (উইকেটকীপাৰ), ছানিকা চালকে, নিকি প্ৰসাদ (অধিনায়ক), গংগাদী তৃষা, ভৱিকা আহিৰে, ঈশ্বৰী অৱসাৰে, মিথিলা বিনোদ, আয়ুষী শুক্লা, শবনম শকীল, পাৰুণিকা চিসোদিয়া, দৃতি কেছাৰী ।