বেংগালুৰুত মহিলা প্ৰিমিয়াৰ লীগৰ নিলাম, ভাৰতৰ ছিমৰন শ্বেইখ এতিয়ালৈকে ব্যয়বহুল খেলুৱৈ…

বেংগালুৰুত মহিলা প্ৰিমিয়াৰ লীগৰ (WPL) আগন্তুক ছিজনৰ বাবে চলি আছে নিলাম । ১৯ জন খেলুৱৈৰ স্থান পূৰণৰ বাবে নিবিদা কৰা হৈছে । ইতিমধ্যে প্ৰতিযোগিতাখনৰ ৫টা দলে নিজৰ ৰিটেইনড খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে । গুজৰাট জায়েন্টছৰ দলটোৱে সৰ্বাধিক ৪.৪ কোটি টকাৰ পাৰ্চ লৈ নিলামত প্ৰৱেশ কৰিছে

বেংগালুৰুত মহিলা প্ৰিমিয়াৰ লীগৰ (WPL) আগন্তুক ছিজনৰ বাবে চলি আছে নিলাম । ১৯ জন খেলুৱৈৰ স্থান পূৰণৰ বাবে নিবিদা কৰা হৈছে । ইতিমধ্যে প্ৰতিযোগিতাখনৰ ৫টা দলে নিজৰ ৰিটেইনড খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে । গুজৰাট জায়েন্টছৰ দলটোৱে সৰ্বাধিক ৪.৪ কোটি টকাৰ পাৰ্চ লৈ নিলামত প্ৰৱেশ কৰিছে । আৰ চি বিৰ দলটোৱে ৩.২৫ কোটি টকাৰ পাৰ্চ লৈ নিলামত অংশ লোৱাৰ বিপৰীতে ইউ পি ৱাৰিয়ৰ্ছৰ পাৰ্চ ৩.৯ কোটি টকাৰ । দুবাৰকৈ ৰানাৰ্ছ আপ হোৱা দিল্লী কেপিটেলছৰ পাৰ্চ ২.৫ কোটি টকাৰ বিপৰীতে ২০২৩ চনৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছে ২.৬৫ কোটি টকাৰে নিলামত প্ৰৱেশ কৰিছে ।

এতিয়ালৈকে বিক্ৰী হোৱা খেলুৱৈ-

ডিয়ান্দ্ৰ ডটিন (ৱেষ্ট ইণ্ডিজ) – ১.৭০ কোটি (গুজৰাট জায়েন্টছ)

জি কমালীনী (ভাৰত) – ১.৬০ কোটি (মুম্বাই ইণ্ডিয়ানছ)

নাডিন ডি ক্লাৰ্ক (দক্ষিণ আফ্ৰিকা) – ৩০ লাখ (মুম্বাই ইণ্ডিয়ান)

ছিমৰন শ্বেইখ (ভাৰত) – ১.৯০ কোটি (গুজৰাট জায়েন্টছ)

নন্দিনী কাশ্যপ (ভাৰত) – ১০ লাখ (দিল্লী কেপিটেলছ)

প্ৰেমা ৰাৱত (ভাৰত) – ১.২০ কোটি (ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু)

নল্লপুৰেড্ডী চাৰ্নি (ভাৰত) – ৫৫ লাখ (দিল্লী কেপিটেলছ)

সকলো দলৰ ৰিটেইন খেলুৱৈৰ তালিকা-

ইউ পি ৱাৰিয়ৰ্ছ-

এলিছা হিলি (অধিনায়ক), অঞ্জলি সৰ্বানী, দীপ্তি শৰ্মা, গ্ৰেচ হেৰিছ, কিৰণ নৱগিৰে, ৰাজেশ্বৰী গাইকোৱাদ, শ্বেতা ছেহৰাৱাট, ছফী এক্লেষ্টোন, তাহলিয়া মেকগ্ৰাথ, বৃন্দা দীনেশ, ছাইমা ঠাকুৰ, পুনম খেমনাৰ, গৌহৰ চুলতানা, চামাৰী আথাপথু, উমা ছেত্ৰী ।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু-

স্মৃতি মান্ধনা (অধিনায়ক), সব্বিনেনী মেঘনা, ৰিচা ঘোষ, এলিছ পেৰী, জৰ্জিয়া ৱাৰেহাম, শ্ৰেয়ংকা পাটিল, আশা সোভানা, ছফী ডেভিন, ৰেনুকা সিং, ছফী মলিনেক্স, একতা বিষ্ট, কেট ক্ৰছ, কণিকা আহুজা, ডেনি ৱায়াট ।

গুজৰাট জায়েন্টছ-

এছলী গাৰ্ডনাৰ, বেথ মুনী (অধিনায়ক), ডেলান হেমলাটা, হাৰ্লিন দেওল, লাৰা উলভাৰ্ড, শ্ববনম শ্বাকিল, তনুজা কানৱাৰ, ফ’বি লিচফিল্ড, মেঘনা সিং, কাশৱী গৌতম, প্ৰিয়া মিশ্ৰ, মন্নত কাশ্যপ, ভাৰতী ফুলমালি, সয়ালি সাতঘৰ ।

মুম্বাই ইণ্ডিয়ানছ-

অমনজোত কৌৰ, আমেলিয়া কেৰ, ক্ল’ ট্ৰায়ন, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), হেলি মেথিউছ, জিন্টিমণি কলিতা, নাটালি স্কাইভাৰ, পূজা বস্ত্ৰকাৰ, ছৈকা ইছহাক, যস্তিকা ভাটিয়া, শ্ববনীম ইছমাইল, অমনদীপ কৌৰ, এছ. অলংকাৰ ।

দিল্লী কেপিটেলছ-

এলিছ কেপচি, অৰুন্ধতী ৰেড্ডী, জেমিমাহ ৰড্ৰিগছ, জেছ জ’নাচেন, মাৰিজনে কাপ, মেগ লেনিং (অধিনায়ক), মিন্নু মণি, ৰাধা যাদৱ, শ্বেফালি বাৰ্মা, শিখা পাণ্ডে, স্নেহা দিপ্তী, তানিয়া ভাটিয়া, টিটাছ সাধু, এনাবেল চাথাৰলেণ্ড ।

শেহতীয়া প্ৰৱন্ধসমূহ