ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গো-মাংসৰ বিৰুদ্ধে অভিযান;  মাংসসহ ৪ সৰবৰাহকাৰী আটক

ৰাজ্যত ৰাজহুৱা স্থান,হোটেল আদিত গো মাংস নিষিদ্ধ হোৱাৰ পিছত প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে চলাইছে অভিযান। ধুবুৰীৰ তামাৰহাটত হোটেলে হোটেলে চলিছে প্ৰশাসনৰ অভিযান। অভিযানত ৩কুইন্টল ৫০ কেজি গো মাংস জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে দুখন ই- ৰিক্সা আৰু এখন স্কুটিত পুৱতি নিশা পশ্চিমবংগৰ পৰা অসমলৈ

ৰাজ্যত ৰাজহুৱা স্থান,হোটেল আদিত গো মাংস নিষিদ্ধ হোৱাৰ পিছত প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে চলাইছে অভিযান। ধুবুৰীৰ তামাৰহাটত হোটেলে হোটেলে চলিছে প্ৰশাসনৰ অভিযান।

অভিযানত ৩কুইন্টল ৫০ কেজি গো মাংস জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে দুখন ই- ৰিক্সা আৰু এখন স্কুটিত পুৱতি  নিশা পশ্চিমবংগৰ পৰা অসমলৈ আনি আছিল মাংসখিনি।

সেই খবৰ পাই অসম-বংগ সীমান্তৰ কামানডাঙ্গাত আৰক্ষীয়ে অভিযান চলায় আটক কৰে তিনি সৰবৰহকাৰীক।ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে ছিদ্দিক আলী, মোস্তাফা শেখ, হিকমত আলী,আনিছুল হক।

শেহতীয়া প্ৰৱন্ধসমূহ