এইসমূহ ঘৰুৱা উপায়েৰে শীতকালত শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰাখক, স্বাস্থ্যৱান হৈ থাকিব…

ইতিমধ্যে দেশৰ সকলো প্ৰান্ততে শীতে টোকৰ মাৰিছে । কোনো কোনো ঠাইত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ । শীতকালৰ লগত অহা ঠাণ্ডা বতাহজাকে গৰম কাপোৰ পিন্ধিবলৈ বাধ্য কৰাইছে আৰু বহু লোকে সন্ধিয়া ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত আছে । যদি আপুনিও সেইসকল লোকৰ মাজৰ এজন যিয়ে

ইতিমধ্যে দেশৰ সকলো প্ৰান্ততে শীতে টোকৰ মাৰিছে । কোনো কোনো ঠাইত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ । শীতকালৰ লগত অহা ঠাণ্ডা বতাহজাকে গৰম কাপোৰ পিন্ধিবলৈ বাধ্য কৰাইছে আৰু বহু লোকে সন্ধিয়া ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত আছে । যদি আপুনিও সেইসকল লোকৰ মাজৰ এজন যিয়ে অধিক ঠাণ্ডা অনুভৱ কৰে, তেন্তে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰাখিব পাৰে । এই উপায়সমূহ গ্ৰহণ কৰিলে শৰীৰটো গৰম কৰি ৰখাই নহয় শীতকালত সুস্থও হৈ থাকিব ।

হালধি আৰু গাখীৰ-

এগিলাচ গৰম গাখীৰত আধা চামুচ হালধি দি খাব । হালধিত এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ।

আদা আৰু মৌ-

এচামুচ সতেজ আদাৰ ৰস লৈ তাত আধা চামুচ মৌ মিহলাই খাব বা আদাৰ চাহ বনাই খাব পাৰে । আদাই শৰীৰত তাপ উৎপন্ন কৰে আৰু মৌৱে শৰীৰক শক্তি প্ৰদান কৰে । ই চৰ্দি আৰু কাহৰ পৰাও ৰক্ষা কৰে ।

ঘিউ আৰু মৌ-

এচামুচ ঘিউ আৰু এচামুচ মৌ মিহলাই পুৱা খালী পেটত খাব লাগে । ই শৰীৰক ভিতৰৰ পৰা উষ্ণ কৰে আৰু হজম শক্তি শক্তিশালী কৰে ।

তিল আৰু গুৰ-

শীতকালত তিল আৰু গুৰ খোৱাটো বিশেষভাৱে উপকাৰী । এই দুয়োবিধ মিহলাই খাব বা তিল আৰু গুড়ৰ লাড়ু বনাই খাব পাৰে । তিল আৰু গুড়ে শীতকালত শৰীৰক উষ্ণ কৰি ৰাখে আৰু শক্তি প্ৰদান কৰে । গুড়ে তেজ শুদ্ধ কৰে ।

চুপ-

সতেজ সেউজীয়া পাতৰ শাক-পাচলিৰ জোল বা হাড়ৰ জোল খাব লাগে । চুপে শৰীৰক গৰম কৰি ৰখাত সহায় কৰে আৰু লগতে পুষ্টিও প্ৰদান কৰে ।

যোগ আৰু ব্যায়াম-

শীতকালত নিয়মিত যোগাসন আৰু লঘু ব্যায়াম যেনে দৌৰা, চাইকেল চলোৱা আদি কৰিব লাগে । ইয়াৰ বাবে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু শৰীৰ উষ্ণ হৈ থাকে ।

শেহতীয়া প্ৰৱন্ধসমূহ