আপুনি জানেনে আমাৰ দেশত এনে বহু বিদ্যালয় আছে, যাৰ মাচুল আপোনাৰ গোটেই বছৰৰ দৰমহাৰ সমান হ’ব পাৰে । য’ত ধনী মানুহেও নামভৰ্তিৰ বাবে সংগ্ৰাম কৰে । ভাৰতৰ ১০ খন ব্যয়বহুল বিদ্যালয়ৰ বিষয়ে জানেনে ? প্ৰকৃততে এই বিদ্যালয়বোৰৰ মাচুল ৩ লাখৰ পৰা ১৭ লাখ টকালৈকে হয় ।
বিদ্যা নিকেতন বিৰলা পাব্লিক স্কুল-
এই তালিকাত প্ৰথম নাম বিদ্যা নিকেতন বিৰলা পাব্লিক স্কুল, যিখন বিৰলা পৰিয়ালে আৰম্ভ কৰিছিল । এই বিদ্যালয়খনৰ বাৰ্ষিক মাচুল প্ৰায় ৩ লাখ টকা ।
বিচপ কটন স্কুল, ছিমলা-
তালিকাৰ দ্বিতীয় নামটো হ’ল ছিমলাৰ বিচপ কটন স্কুল, যিখন এক সুন্দৰ পাহাৰীয়া ষ্টেচনত অৱস্থিত । এই শিক্ষানুষ্ঠানখনে বৰ্ডিং স্কুলৰ দৰে কাম কৰে । ইয়াৰ বাৰ্ষিক মাচুল ৪.১ৰ পৰা ৪.৮ লাখ টকাৰ ভিতৰত ।
ৱেলহাম গাৰ্লছ স্কুল, ডেৰাডুন-
ডেৰাডুনত অৱস্থিত এই বিদ্যালয়খন কেৱল ছাত্ৰীৰ বাবে । ইয়াত অধ্যয়ন কৰা ছাত্ৰীসকলে শৈক্ষিক আৰু সামাজিকভাৱে নিজকে ভালদৰে প্ৰস্তুত কৰিব পাৰে । এই বিদ্যালয়খনৰ বাৰ্ষিক মাচুল প্ৰায় ৮.৫ লাখ টকা ।
ষ্টোনহিল ইণ্টাৰনেশ্যনেল স্কুল, বাংগালুৰু-
বাংগালুৰুৰ ষ্টোনহিল ইণ্টাৰনেশ্যনেল স্কুলত আপোনাৰ সন্তানক পঢ়াবলৈ প্ৰায় ৯ লাখ টকা খৰচ কৰিব লাগিব । এই বিদ্যালয়খনে শিশুসকলক সামাজিক আৰু শৈক্ষিক দিশত উন্নত কৰি তোলে ।
ইকোল মণ্ডিয়াল ৱৰ্ল্ড স্কুল, মুম্বাই-
এই তালিকাৰ পৰৱৰ্তী নামটো হৈছে বিশ্বজুৰি পৰিচিত ইকোল মণ্ডিয়াল ৱৰ্ল্ড স্কুল । ইয়াত আন্তঃৰাষ্ট্ৰীয় পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে । এই বিদ্যালয়ৰ মাচুল প্ৰায় ১০ লাখ টকা ।
মায়ো কলেজ, আজমেৰ-
আজমেৰৰ হেৰিটেজ স্কুল, মায়ো কলেজত পুৰণি বৰ্ডিং স্কুলৰ শিক্ষাৰ বিকল্প । এই বিদ্যালয়ৰ মাচুল ১৫ লাখৰ পৰা ১৫ লাখ টকা ।
গুড শ্বেফাৰ্ড ইণ্টাৰনেশ্যনেল স্কুল, উটি-
গুড শ্বেফাৰ্ড ইণ্টাৰনেশ্যনেল স্কুল নীলগিৰি পাহাৰত অৱস্থিত এখন বিদ্যালয় । এই বিদ্যালয়ৰ বাৰ্ষিক মাচুল ৬-১৫ লাখ টকা ।
সিন্ধিয়া স্কুল, গোৱালিয়ৰ-
সিন্ধিয়া ৰজা পৰিয়ালে আৰম্ভ কৰিছিল সিন্ধিয়া বিদ্যালয় । য’ত শিক্ষা, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰা হৈছে । এই বিদ্যালয়খনৰ খৰছ প্ৰায় ১২ লাখ টকা ।
ডুন স্কুল, ডেৰাডুন-
এই তালিকাৰ পৰৱৰ্তী নামটো হৈছে The Doon School আৰু এই বিদ্যালয়খন ডেৰাডুনত অৱস্থিত । এই বিদ্যালয়ত পঢ়িব বিচৰাসকলে বাৰ্ষিক মাচুল ১২.৫-১৪ লাখ টকা দিব লাগিব ।
উডষ্টক স্কুল-
উডষ্টক স্কুলৰ বাৰ্ষিক মাচুল ১৫-১৭ লাখ টকা । এই তালিকাৰ আটাইতকৈ দামী বিদ্যালয়খনৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে মৌছুৰীৰ এই বিদ্যালয়খন ।