কপিল দেৱ, অনিল কুম্বলে আৰু ৱাছিম ​​আক্ৰাম…যশপ্ৰীত বুমৰাহে ভাঙিব কিংবদন্তিৰ অভিলেখ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ থকা ৫ খনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ এডিলেইডত অনুষ্ঠিত হ’ব । পাৰ্থত অনুষ্ঠিত প্ৰথমখন টেষ্টত জয়লাভ কৰি শৃংখলাত ১-০ ব্যৱধানত আগবাঢ়ি আছে টিম ইণ্ডিয়া । এতিয়া দ্বিতীয়খন টেষ্টতো জয়ী হৈ অষ্ট্ৰেলিয়াক হেঁচাত পেলোৱাৰ দৃষ্টি ৰাখিছে ভাৰতে । ভাৰতৰ হৈ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ থকা ৫ খনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ এডিলেইডত অনুষ্ঠিত হ’ব । পাৰ্থত অনুষ্ঠিত প্ৰথমখন টেষ্টত জয়লাভ কৰি শৃংখলাত ১-০ ব্যৱধানত আগবাঢ়ি আছে টিম ইণ্ডিয়া । এতিয়া দ্বিতীয়খন টেষ্টতো জয়ী হৈ অষ্ট্ৰেলিয়াক হেঁচাত পেলোৱাৰ দৃষ্টি ৰাখিছে ভাৰতে । ভাৰতৰ হৈ প্ৰথমখন টেষ্টত যশপ্ৰীত বুমৰাহে স্মৰণীয় প্ৰদৰ্শন আগবঢ়াইছিল । তেওঁক মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় । দুয়োটা ইনিংছতে মিলি ৮টা উইকেট দখল কৰিছিল বুমৰাহে । এই ছিৰিজৰ আগন্তুক মেচসমূহত বুমৰাহ বহু কৃতিত্ব অৰ্জন কৰিব পাৰিব ।

ইতিহাস সৃষ্টি কৰাৰ সুযোগ-

বুমৰাহে এতিয়ালৈকে অষ্ট্ৰেলিয়াত ৮খন টেষ্ট মেচ খেলিছে । এই সময়ছোৱাত তেওঁ নিজৰ নামত ৪০টা উইকেট দখল কৰিছে । তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন হৈছে ইনিংছত ৬/৩৩ আৰু মেচত ৯/৮৬ । এতিয়া তেওঁ শৃংখলাৰ পৰৱৰ্তী মেচসমূহত ইতিহাস সৃষ্টি কৰিব পাৰিব । অভিলেখ গঢ়িবলৈ তেওঁৰ ডাঙৰ সুযোগ আছে ।

বুমৰাহ গঢ়িব অভিলেখ-

অষ্ট্ৰেলিয়াত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ হ’ব পাৰে যশপ্ৰীত বুমৰাহ । বৰ্তমান এই অভিলেখ মহান অধিনায়ক কপিল দেৱৰ নামত লিপিবদ্ধ আছে । তেওঁ ৫১টা উইকেট দখল কৰিছিল । এই বিষয়ত ৪৭ উইকেটৰে দ্বিতীয় স্থানত আছে অনিল কুম্বলে ।

লক্ষ্যত কুম্বলে আৰু কপিল দেৱৰ অভিলেখ-

যদি বুমৰাহে ৮টা উইকেট লয় তেন্তে তেওঁ অষ্ট্ৰেলিয়াৰ মাটিত সৰ্বাধিক উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হ’ব । তেওঁ প্ৰাক্তন অধিনায়ক অনিল কুম্বলে (৪৭ উইকেট)ক অতিক্ৰম কৰিব । একে সময়তে ১২টা উইকেট দখল কৰাৰ পাছত কপিল দেৱক অতিক্ৰম কৰিব তেওঁ । কপিল দেৱৰ নামত আছে ৫১টা উইকেট ।

লক্ষ্যত আক্ৰামৰ অভিলেখো-

ইয়াৰ উপৰিও বুমৰাহ দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজীলেণ্ড, অষ্ট্ৰেলিয়াত সৰ্বাধিক উইকেট দখল কৰা এছিয়ান বলাৰ হিচাপে পৰিগণিত হ’ব । এই অভিলেখ আছে ৱাছিম ​​আক্ৰামৰ নামত । তেওঁ ৭০টা উইকেট দখল কৰিছে। ৬৩টা উইকেটৰে দ্বিতীয় স্থানত আছে বুমৰাহ ।

শাৰীত প্ৰবীণ খেলুৱৈ-

এইকেইখন দেশত সৰ্বাধিক উইকেট দখল কৰা এছিয়ান বলাৰৰ প্ৰথম স্থানত আছে ৱাছিম ​​আক্ৰাম (৭০ উইকেট) । তেওঁৰ পিছতে আছে যছপ্ৰীত বুমৰাহ (৬৩), ৱাকাৰ ইউনিছ (৬০), মুছতাক আহমেদ (৫৭), মুথিয়া মুৰালিধৰণ (৪২), এৰাপল্লী প্ৰসন্ন (৩৮), ইমৰাণ খান (৩৫) আৰু মহম্মদ ছিৰাজ (৩৫) ।

শেহতীয়া প্ৰৱন্ধসমূহ