আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি, জো বাইডেনৰ কাৰ্যকাল সমাপ্ত হ’বলৈ মাত্ৰ কেইসপ্তাহমান বাকী আছে । তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে, বাইডেনে ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ এক প্ৰতিৰক্ষা চুক্তিত অনুমোদন জনাইছে । এই প্ৰতিৰক্ষা চুক্তিৰ অধীনত, ভাৰতে আমেৰিকান কোম্পানীৰ পৰা এম এইচ-৬০আৰ মাল্টি-মিছন হেলিকপ্টাৰৰ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা সঁজুলি লাভ কৰিব, যি ভাৰতৰ নিৰাপত্তা শক্তিশালী কৰিব । এই চুক্তিৰ মূল্য আনুমানিক ১.১৭ বিলিয়ন ডলাৰ । ৰাষ্ট্ৰপতি বাইডেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছক তেওঁৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে ।
এই চুক্তিৰ অধীনত ভাৰতে লাভ কৰিব গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা সঁজুলি-
বাইডেন চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ মাত্ৰ কেইদিনমান পূৰ্বে ভাৰতক বৃহৎ প্ৰতিৰক্ষা সঁজুলি বিক্ৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে । এই সিদ্ধান্তই ভাৰতলৈ সকাহ দিছে কাৰণ বাইডেন প্ৰশাসনে যদি এই চুক্তিত অনুমোদন নিদিলেহেঁতেন তেন্তে নতুন চৰকাৰ গঠনৰ পিছত অনুমোদন দিবলৈ অধিক সময় লাগিলহেঁতেন । আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০২৫ চনৰ ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব । এই চুক্তিৰ অধীনত ভাৰতে লাভ কৰিব ৩০টা মাল্টিফাংচন ইনফৰ্মেশ্যন ডিষ্ট্ৰিবিউচন চিষ্টেম জইণ্ট টেকটিকেল ৰেডিঅ’ চিষ্টেম । ইয়াত উন্নত ডাটা ট্ৰেন্সফাৰ চিষ্টেম, বাহ্যিক ইন্ধনৰ টেংক, ইনফ্ৰাৰেড চিষ্টেম, অপাৰেটৰ মেচিন ইন্টাৰফেচ আদি থাকিব, লগতে ডিজাইন, মেনুফেকচাৰিং আৰু পৰীক্ষণৰ ক্ষেত্ৰতো সহায় আমেৰিকাই কৰিব ।
এই আমেৰিকান কোম্পানীয়ে অস্ত্ৰ যোগান ধৰিব-
এই চুক্তিৰ অধীনত প্ৰতিৰক্ষা সঁজুলি যোগান ধৰিব আমেৰিকাৰ প্ৰতিৰক্ষা কোম্পানী লকহিড মাৰ্টিন আৰু মিছন চিষ্টেমছে । এই অস্ত্ৰসমূহ বিক্ৰী আৰু কাৰিকৰী সাহায্যৰ বাবে ২০ জন আমেৰিকা চৰকাৰৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কোম্পানীসমূহৰ ২৫ জন প্ৰতিনিধিয়ে ভাৰত ভ্ৰমণ কৰিব । আমেৰিকা চৰকাৰৰ অধিসূচনাত উল্লেখ কৰা হৈছে যে ইয়াৰ দ্বাৰা আমেৰিকাৰ কৌশলগত মিত্ৰ ভাৰতৰ প্ৰতিৰক্ষা প্ৰস্তুতি শক্তিশালী হ’ব ।