ICC চেম্পিয়নছ ট্ৰফী ২০২৫ৰ হাইব্ৰিড মডেলক লৈ চৰ্চা চলি থকাৰ সময়তে BCCI আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মাজত কৰা হ’ল নতুন চুক্তি। ২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফী পাকিস্তানত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বৰ্তমান দুখন দেশত অনুষ্ঠিত হ’ব এই ট’ৰ্নামেন্ট। কিয়নো ভাৰতে স্পষ্টকৈ ঘোষণা কৰি দিছিলে যে, কোনো কাৰণতে ভাৰত পাকিস্তানলৈ খেলিবলৈ নাযায়। যাৰবাবে ICCএ পাকিস্তান ক্ৰিকেট ব’ৰ্ডক হাইব্ৰিড মডেল মানি ল’বলৈ নিৰ্দেশনা জাৰি কৰিছিল। যাৰফলত এই নিৰ্দেশনা গ্ৰহণ কৰাৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও বান্ধি দিলে চৰ্ত আৰু দুয়োখন দেশৰ আলোচনাৰ মাজত সম্পন্ন কৰা হ’ল এই চৰ্ত।
কি আছে এই চৰ্তত ?
পাকিস্তান ক্ৰিকেট হাইব্ৰিড মডেল গ্ৰহণ কৰাৰ বিপৰীতে ভাৰতৰ আগত চৰ্ত উল্লেখ কৰে। চুক্তিৰ মতে ভাৰতে যদি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনল বা ফাইনেলত প্ৰৱেশ নকৰে, তেনেহ’লে ছেমি ফাইনেল আৰু ফাইনেল পাকিস্তানত অনুষ্ঠিত কৰিব লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্তটো হ’ল যে, ভাৰত আৰু পাকিস্তানৰ মাজত কোনো মেচ ভাৰত আৰু পাকিস্তানত অনুষ্ঠিত নহ’ব। এই চৰ্ত ভাৰতেও গ্ৰহণ কৰাৰ পিছতে বিশ্বজুৰি চৰ্চা লাভ কৰিছে এই খবৰে।









