কৰ্ণাটকৰ হাছান জিলাত প্ৰথম চাকৰিত যোগদান কৰিবলৈ গৈ থকা ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) এজন বিষয়াৰ দুৰ্ঘটনাত মৃত্যু হৈছে । আৰক্ষীয়ে জনোৱা মতে, কৰ্ণাটক কেডাৰৰ ২০২৩ বেটচৰ আই পি এছ বিষয়া হৰ্ষ বৰ্ধন (২৬) মধ্যপ্ৰদেশৰ বাসিন্দা আছিল । আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে সন্ধিয়া সংঘটিত হয় এই দুৰ্ঘটনা । হাছান কিট্টানেৰ সমীপত আৰক্ষীৰ বাহনখনৰ টায়াৰ ফাটি যোৱাৰ ফলত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু গাড়ীখন পথৰ কাষৰ ঘৰ আৰু গছত খুন্দা মাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
আৰক্ষীয়ে জনোৱা মতে, হৰ্ষ বৰ্ধনে হোলেনাৰ্ছীপুৰৰ প্ৰৱেশ্যনাৰী সহকাৰী আৰক্ষী অধীক্ষক হিচাপে কৰ্তব্যৰ বাবে ৰিপৰ্ট কৰিবলৈ হাছানলৈ গৈ আছিল । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, হৰ্ষ বৰ্ধন মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয় । ইফালে এই ঘটনাত গাড়ী চালকজন সামান্য আঘাতপ্ৰাপ্ত হৈছে ।
আৰক্ষীয়ে জনোৱা মতে, আই পি এছ বিষয়াজনে শেহতীয়াকৈ মহীশূৰৰ কৰ্ণাটক পুলিচ একাডেমীত চাৰি সপ্তাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল । আৰক্ষীৰ মতে তেওঁৰ পিতৃ এজন মহকুমা বিষয়া । কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই বিষয়াগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।