আজি আছিল চাকৰিত যোগদানৰ দিন, আই পি এছ হৰ্ষ বৰ্ধনৰ সৈতে ঘটিল শোকাৱহ ঘটনা

কৰ্ণাটকৰ হাছান জিলাত প্ৰথম চাকৰিত যোগদান কৰিবলৈ গৈ থকা ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) এজন বিষয়াৰ দুৰ্ঘটনাত মৃত্যু হৈছে । আৰক্ষীয়ে জনোৱা মতে, কৰ্ণাটক কেডাৰৰ ২০২৩ বেটচৰ আই পি এছ বিষয়া হৰ্ষ বৰ্ধন (২৬) মধ্যপ্ৰদেশৰ বাসিন্দা আছিল । আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে সন্ধিয়া সংঘটিত হয় এই দুৰ্ঘটনা । হাছান কিট্টানেৰ সমীপত আৰক্ষীৰ বাহনখনৰ টায়াৰ ফাটি যোৱাৰ ফলত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু গাড়ীখন পথৰ কাষৰ ঘৰ আৰু গছত খুন্দা মাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

আৰক্ষীয়ে জনোৱা মতে, হৰ্ষ বৰ্ধনে হোলেনাৰ্ছীপুৰৰ প্ৰৱেশ্যনাৰী সহকাৰী আৰক্ষী অধীক্ষক হিচাপে কৰ্তব্যৰ বাবে ৰিপৰ্ট কৰিবলৈ হাছানলৈ গৈ আছিল । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, হৰ্ষ বৰ্ধন মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । তেওঁক  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয় । ইফালে এই ঘটনাত গাড়ী চালকজন সামান্য আঘাতপ্ৰাপ্ত হৈছে ।

আৰক্ষীয়ে জনোৱা মতে, আই পি এছ বিষয়াজনে শেহতীয়াকৈ মহীশূৰৰ কৰ্ণাটক পুলিচ একাডেমীত চাৰি সপ্তাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল । আৰক্ষীৰ মতে তেওঁৰ পিতৃ এজন মহকুমা বিষয়া । কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই বিষয়াগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।