তাজমহল দৰ্শন ড’নাল্ড ট্ৰাম্প জুনিয়ৰৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পুত্ৰ ড’নাল্ড ট্ৰাম্প জুনিয়ৰে বৃহস্পতিবাৰে আগ্ৰাস্থিত তাজমহল ভ্ৰমণ কৰে।তেওঁৰ ভ্ৰমণ ব্যক্তিগত আছিল যদিও তাত উপস্থিত হোৱাৰ পিছতে পৰিবেশটো বিশেষ হৈ পৰিল।কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজতে তাজমহলত উপস্থিত হয় তেওঁ।
ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ বিষয়াসকলে তেওঁক তাজমহল নিৰ্মাণ,ইতিহাস আৰু ইয়াৰ অনন্য স্থাপত্যৰ বিষয়ে বিতংভাৱে বুজাই দিয়ে।
তেওঁ বগা মাৰ্বলৰ খোদিত, বিশাল বাগিচা আৰু কীৰ্তিচিহ্নটোৰ সামগ্ৰিক ভৱিষ্যতৰ ওপৰত ভালদৰে নিৰিক্ষণ কৰে।
তেওঁ যমুনাৰ পাৰতো কিছু সময় কটায়,য’ৰ পৰা তাজমহলৰ এক নিস্তব্ধ আৰু সুন্দৰ দৃশ্য দেখা যায়।খবৰ অনুসৰি তেওঁ তাজমহলৰ সৌন্দৰ্য্যক “অতুলনীয় আৰু মনোমোহা” বুলি অভিহিত কৰিছে।
লগতে পঢ়ক: পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ জয়শংকৰৰ









